বোকাখাতত কৃষি মন্ত্ৰী অতুল বৰাৰ দ্বাৰা পানী যোগান আঁচনিৰ শুভ উদ্বোধন

বোকাখাতৰ পৰা পলিমা বি চেতিয়া ,৩১ আগষ্ট: অসম চৰকাৰৰ কৃষি, পশুপালন ও পশু চিকিৎসা আদি বিভাগৰ মাননীয় মন্ত্রী তথা বোকাখাত বিধানসভা  সমষ্টিৰ মাননীয় বিধায়ক অতুল বৰাদেৱে আজি জনস্বাস্থ্য কাৰীকৰি বিভাগৰ বোকাখাত সংমণ্ডলৰ অধীনৰ  জল জীৱন মিছনৰ পুনৰ সংযোজিত আচঁনিৰ অধীনত   ম'হমাইকী পানী যোগান আঁচনিৰ শুভ উদ্বোধন কৰে। উল্লেখযোগ্য যে, সমগ্ৰ ৰাজ্যৰ লগতে  বোকাখাত সমষ্টিতো আজি বোকাখাত জনস্বাস্থ্য কাৰীকৰি বিভাগৰ বোকাখাত সংমণ্ডলৰ অধীনত জল জীৱন মিছনৰ ৬ টাকৈ পানী যোগান আঁচনিৰ শুভ উদ্বোধন কৰা হয়। ইয়াৰে ম'হমাইকী গাওঁ পঞ্চায়তত ৩ টা, মধ্য কাজিৰঙা, পূব কাজিৰঙা তথা উত্তৰ-পূৱ কাজিৰঙা গাওঁপঞ্চায়তত একোটাকৈ মুঠ পানী যোগান আঁচনিৰ শুভ উদ্বোধন কৰা হয়। বোকাখাত মহকুমাৰ মহকুমাধিপতি ডাঃ নেহা যাদৱে  মহকুমাটোৰ আন ৫ টা পানী যোগান আঁচনিৰ শুভ উদ্বোধন কৰে। জল জীৱন মিছনৰ অধীনত ম'হমাইকী গাওঁ পঞ্চায়তত নিৰ্মাণ কৰা ৩ টাকৈ পানী যোগান আঁচনিৰ জৰিয়তে মুঠ ৪৮৪ ঘৰত, মধ্য কাজিৰঙা গাওঁ পঞ্চায়তত নিৰ্মাণ কৰা পানী যোগান আঁচনিৰ জৰিয়তে মুঠ ২২৮ঘৰত, পূব কাজিৰঙা গাওঁ পঞ্চায়তত নিৰ্মাণ কৰা পানী যোগান আঁচনিৰ জৰিয়তে মুঠ ২৭০ ঘৰত আৰু উত্তৰ-পূব কাজিৰঙা গাওঁ পঞ্চায়তত নিৰ্মাণ কৰা পানী যোগান আঁচনিৰ জৰিয়তে মুঠ ৪৪২ ঘৰত বিশুদ্ধ খোৱাপানীৰ যোগানৰ ব্যৱস্থা কৰা হৈছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা