গোৰেশ্বৰত পুঁজিৰ অভাৱত সমবায় সমিতিৰ বিনামূলীয়া চাউল বিতৰণ ব্যৱস্থা বন্ধ

#গোৰেশ্বৰত পুঁজিৰ অভাৱত সমবায় সমিতিৰ বিনামূলীয়া চাউল বিতৰণ ব্যৱস্থা বন্ধ#

#ৰাষ্ট্ৰীয় খ্যদ্য সুৰক্ষা আইনৰ অধীনৰ লগতে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ বিনামূলীয়া চাউলৰ পৰা বঞ্চিত দুখীয়া হিতাধিকাৰী #

#চৰকাৰে সমবায় সমিতিৰ প্ৰাপ্য ধন মোকালাই নিদিয়াত সৰ্বমুঠ ৯ কৌটি ১৭ লাখ ৫২ হাজাৰ ৪০২ টকাৰ ধাৰত পোত গৈছে এঘাৰটাকৈ সমবায় সমিতি#

গোৰেশ্বৰ, ১০ আগষ্ট: যিসময়ত চৰকাৰে দুখীয়া জনসাধাৰণৰ বাবে কেবাখনো আঁচনিৰ অধীনত বিনামূলীয়া চাউল বিতৰণ কৰি আছে সেই সময়ত বিটিআৰৰ বাগসা জিলাৰ তামুলপুৰ সমবায় সমিতিৰ অধীনস্থ এঘাৰ খনকৈ চোচাইটিয়ে বিগত চাৰিমাহে ধৰি বিনামূলীয়া চাউল যোগান ধৰিব পৰা নাই দুখীয়া ৰাইজক। ইয়াৰ ফলত আংশিক লকডাউনৰ বাবে পূৰ্বৰে পৰা জুৰুলা হৈ থকা দুখীয়া জনসাধাৰণ পুনৰ বঞ্চিত হৈছে বিনামূলীয়া চাউল লাভৰ পৰা। বাগসা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ গোৰেশ্বৰ গাওঁ পঞ্চায়ত সমবায় সমিতি, মহৰিপাৰা গাওঁ পঞ্চায়ত সমবায় সমিতি আৰু পূৱ ডেফেলী অখণ্ড  বহুমূখী সমবায় সমিতি আৰু কাউৰবাহা সমবায় সমিতিয়ে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ চাউল বিতৰণৰ ক্ষেত্ৰত অসুবিধাৰ সম্মুখীন হৈছে। মন কৰিবলগীয়া যে বিগত ২০১৭ চনৰ পৰাই তামুলপুৰ সমবায় সমিতিৰ অন্তৰ্গত এঘাৰ  খন চোচাইটিক চৰকাৰে  দিবলগীয়া পৰিবহন আৰু কমিচনৰ ধন প্ৰদান কৰা নাই। ইয়াৰ ফলত সমবায় সমিতি সমূহ ধাৰত পোত যোৱাৰ ফলত সমিতি চলাবলৈ ষথেষ্ঠ কষ্ঠ স্বীকাৰ কৰিব লগীয়া হৈছে। মন কৰিবলগীয়া যে আজিলৈ চৰকাৰৰ পৰা তামুলপুৰৰ  এঘাৰ খন সমবায় সমিতিয়ে  লাভ কৰিবলগীয়া ধন পৰিমাণ এনেধৰণৰ- গোৰেশ্বৰ সমবায় সমিতি লিমিটেড- ৯২ লাখ ৫৬ হাজাৰ ২১৮ টকা, মহৰিপাৰা সমবায় সমিতি লিমিটেড- ৮৮ লাখ ৩৯ হাজাৰ ২৮৫ টকা 
পূব ডেফেলী আঞ্চলিক বহুমুখী সমবায় সমিতি লিমিটেড- ৯০ লাখ ৬৭ হাজাৰ এশ টকা, কাউৰবাহা সমবায় সমিতি লিমিটেড- ৯১ লাখ  ৪৩ হাজাৰ ৪৪ টকা, পূব তামুলপুৰ বহুমুখী সমবায় সমিতি লিমিটেড- ১ কৌটি ১০ লাখ ৮৪ হাজাৰ  ৩৯৭ টকা, পশ্চিম ডেফেলী বহুমুখী সমবায় সমিতি লিমিটেড- ৮৮ লাখ  ৭৩ হাজাৰ  ৫০১ টকা, দক্ষিণ কুমাৰীকাটা বহুমুখী সমবায় সমিতি লিমিটেড- ৭২ লাখ ৭১ হাজাৰ ৯৬৮ টকা, পশ্চিম কুমাৰীকাটা বহুমুখী সমবায় সমিতি লিমিটেড- ৭৭ লাখ ২৫ হাজাৰ  ৭৫০ টকা, পূব কুমাৰীকাটা বহুমুখী সমবায় সমিতি লিমিটেড- ৭২ লাখ ৫১ হাজাৰ  টকা, পশ্চিম তামুলপুৰ বহুমুখী সমবায় সমিতি লিমিটেড- ৭৩ লাখ ৪০ হাজাৰ ১৩৯ টকা, আৰু দক্ষিণ ডেফেলী বহুমুখী সমবায় সমিতি লিমিটেডে লাভ কৰিব লগীয়া আছে- ৫৯ লাখ টকা। সৰ্বমুঠ ৯ কৌটি ১৭ লাখ ৫২ হাজাৰ ৪০২ টকা দিবলৈ বাকী আছে চৰকাৰে তামুলপুৰৰ এঘাৰটা সমবায় সমিতি লিমিটেডক।  চৰকাৰ তথা বিভাগীয় হেমাহিৰ বাবে ইমান বৃহৎ পৰিমাণ ধন লাভ নকৰাত বৃহৎ লোকচানৰ সন্মুখীন হৈছে সমবায় সমিতি সমূহ । যাৰ বাবে এতিয়া যোৱা চাৰিটা কোটাৰ চাউল তামুলপুৰ সমবায় সমিতিৰ অধীনৰ প্ৰায় দহ খন চোচাইটিয়ে আনিব পৰা নাই। ইয়াৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ লগতে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ বিনামূলীয়া চাউল লাভৰ পৰা বঞ্চিত হৈ ৰৈছে বৃহত্তৰ অঞ্চলটোৰ দুখীয়া ৰাইজ।
অৱশ্যে এই ক্ষতি দূৰকৰিবলৈ গোৰেশ্বৰ-মহৰিপাৰা-পূৱডেফেলী সমবায় সমিতিৰয়ে চাউল বিতৰণৰ বাবে হিতাধিকাৰীৰ পৰা ঋণ সংগ্ৰহ কৰাৰ এক প্ৰস্তাৱ গ্ৰহণ কৰি তেনেদৰে চাউল বিতৰণ কৰি আছিল ।  সমবায় সমিতি কেইখনে চাউল বিতৰণ বাবে প্ৰতিজন হিতাধিকাৰীৰ পৰা ২০ টকাৰ পৰা ৫০ টকাকৈ  ধন সংগ্ৰহ কৰি চাউল বিতৰণ কৰি আছিল যদিও  এই ক্ষেত্ৰত আপত্তি আনিছিল  অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বাগসা জিলা সমিতি আৰু গোৰেশ্বৰ আঞ্চলিক সমিতিৰ লগতে একাংশ সংগঠনে।  এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পিছতে বিনামূলীয়া চাউল বিতৰণ বাবে হিতাধিকাৰীৰ পৰা বিশৰ পৰা পঞ্চাশ টকাকৈ নল’বলৈ বিভাগটোৰ উচ্চপদস্থ বিষয়া সকলে অবগত কৰাৰ পিছতে এতিয়া সমস্যাত পৰিছে সমবায় সমিতি কেইখন। 
এই সমস্যা সমাধানৰ সূত্ৰে আলোচনা কৰিবলৈ আজি মহৰিপাৰা সময়বায় সমিতি লিমিটেডক কাৰ্যালয়ত গোৰেশ্বৰ, মহৰিপাৰা, পূব ডেফেলী আৰু কাউৰবাহা সমবায় সমিতিৰ বিষয়ববীয়াই এক আলোচনাত মিলিত হয়। আনহাতে অঞ্চলটোৰ কেবাটাও ছাত্ৰ সংগঠন - উত্তৰ বেতনা আঞ্চলিক  আছু, গোৰেশ্বৰ আঞ্চলিক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ নেতৃবৰ্গই চাউল বিতৰণ নকৰাৰ সন্দৰ্ভত সমবায় সমিতিৰ বিষয়ববীয়াৰ সৈতে ১০ আগষ্টত এক আলোচনা মিলিত হয়। আটাইকেইটা সংগঠন আৰু সমবায় সমিতি সমূহ চৰকাৰৰ এই হেমাহি বিৰুদ্ধে মাৰ বান্ধি থিয় দিয়াৰ পোষকতা কৰে। লগতে দুখীয়া ৰাইজে কেনেকৈ বিনামূলীয়া চাউল লাভ কৰিব পাৰে তাৰ দিহা কৰাৰ বাবে এক সুস্থিৰ সিদ্ধান্ত গ্ৰহণৰ বাবে অগ্ৰসৰ হ’ব বুলি কয়। লগতে চৰকাৰৰ এনে সিদ্ধান্ত বাবে ছাত্ৰ সংগঠনৰ লগতে হিতাধীকাৰী সকলে চৰকাৰক ধিক্কাৰ দিয়ে আৰু শীঘ্ৰেই সমবায় সমিতি সমূহে লাভ কৰিবলৈ থকা পৰিবহন আৰু কমিচনৰ ধন মোকলাই দি সমবায় সমিতি সমূহ জীয়াই ৰাখিবলৈ দাবী জনাইছে। 

প্ৰেৰক
দীপাংকৰ দাস
গোৰেশ্বৰ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা