তালিবানৰ সমৰ্থনত এ আই ইউ ডি এফৰ নেতা, কংগ্ৰেছৰ ৰহস্যজনক মৌনতা,দেশ আৰু ৰাজ্যৰ বাবে এক অশনি সংকেত- ৰাজ্যিক বিজেপি

গুৱাহাটী, ২২ আগষ্ট, ২০২১ঃকংগ্ৰেছৰ মিত্রদল এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক মৌলানা ফজলুল কৰিম কাচিমীসহ সামাজিক মাধ্যমত সন্ত্রাসবাদী তালিবানক হিয়া উজাৰি সমর্থন দিয়াৰ অভিযােগত ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা
আৰক্ষীয়ে মুঠ ১৫ জন লােকক গ্রেপ্তাৰ কৰিছে। গ্রেপ্তাৰ হােৱা লােকসকলৰ ভিতৰত কংগ্ৰেছৰ মিত্রদল এ আই ইউ ডি এফৰ নেতাৰ লগতে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষার্থী, ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কৰ্মৰত শিক্ষক মৌলানা
আৰু সাংবাদিকো আছে। আজি বিজেপি অসম প্রদেশৰ মুখ্য কার্যালয়ৰ পৰা প্ৰকাশ কৰা এক প্ৰেছ বিবৃতিত ৰাজ্যিক মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাই অসমৰ গাঁৱে-ভূঞে তালিবানৰ সমর্থক ওলােৱাৰ ঘটনাত গভীৰ উদ্বেগ প্রকাশ কৰাৰ
লগতে আৰক্ষীক এনে লােকৰ বিৰুদ্ধে ক্ষীপ্রতাৰে অভিযান অব্যাহত ৰখাৰ বাবে আহ্বান জনায়। আফগানিস্তান দখল কৰাৰ পাছত নৃশংসতা আৰু বৰ্বৰতাৰ সকলাে সীমা চেৰাই আফগান নাগৰিকৰ ওপৰত চলােৱা চৰম পৰ্যায়ৰ অত্যাচাৰক
অসমৰ দৰে ৰাজ্যৰ একাংশ লােকে সামাজিক মাধ্যমৰ জৰিয়তে সমর্থন কৰি এক অৰাজক চিন্তাৰ পাতনি মেলিবলৈ কৰা প্ৰয়াস কলিতে মােহাৰি পেলাবলৈ ৰাজ্যৰ সচেতন মহলকো আগভাগ লবলৈ ৰাজ্যিক বিজেপিৰ মুখপাত্রজনে
আগ্রহ কৰে।
উল্লেখযােগ্য যে কংগ্ৰেছৰ মিত্রদল এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক তথা জমিয়ত উলেমাই-হিন্দৰ ৰাজ্যিক সম্পাদক মৌলানা ফজলুল কৰিম কাচিমীয়ে তালিবানক সমর্থন কৰি সামাজিক মাধ্যমত মত প্রকাশ কৰাৰ লগতে দেশৰ সংবাদ মাধ্যমকো অশ্লীল ভাষাৰে ভৎর্সনা কৰি মন্তব্য প্রকাশ কৰিছে। দৰং জিলাৰ ছিপাঝাৰ থানাৰ
অন্তর্গত পথৰুঘাটৰ সমীপৱৰ্তী ঘিলাকুৰি গাঁৱৰ বাসিন্দা মৌলানা ফজলুল কৰিম কাচিমীয়ে আফগানিস্তানত তালিবানৰউত্থানৰ পিছতেই ফে'চবুকত লিখিছে – “প্রকৃত ৰাজনৈতিক প্রতিচ্ছবি ভাৰতৰ গােড়ী মিডিয়াৰ নিউজৰ দ্বাৰা পােৱা অসম্ভৱ। এতিয়াও তালিবানক সন্ত্রাসবাদী বুলি ক'বলৈ এৰা নাই।” এইদৰে এ আই ইউ ডি এফৰ নেতা গৰাকীয়ে তালিবানৰ সমৰ্থনত উল্লষিত হৈ সংবাদ মাধ্যমক তুচ্ছ তাচ্ছিল্য কৰাৰ জৰিয়তে গণতান্ত্রিক প্রক্রিয়াক এক প্রকাৰেনসাৎ
কৰি দিছে। অতি তাৎপর্যপূর্ণভাৱে মিত্রদল এ আই ইউ ডি এফৰ নেতা গৰাকীৰ এনে অগণতান্ত্রিক কার্য সম্পর্ক সম্পূর্ণ নীৰৱতা অবলম্বন কৰিছে কংগ্ৰেছ দলে। কংগ্ৰেছ দলৰ এনে নীৰৱতা গণতন্ত্রৰ লগতে মানৱ সভ্যতাৰ বাবেও অতি
পৰিতাপৰ বিষয় বুলি বিজেপিৰ ৰাজ্যিক মুখপাত্ৰজনে কয়। অৱশ্যে কংগ্ৰেছ দলৰ এনে নীৰৱতা এয়াই প্রথম নহয়। কিয়নাে সদ্য সমাপ্ত বিধানসভা নির্বাচনৰ দ্বিতীয় পর্যায়ৰ প্ৰচাৰ অভিযানৰ সময়ছােৱাত এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ পুত্র আব্দুৰ ৰহিম আজমলে অসম আন্দোলনৰ প্রথম শহীদ খৰ্গেশ্বৰ তালুকদাৰৰ
কর্মভূমি ভৱানীপুৰত অনুষ্ঠিত হােৱা এক নির্বাচনী জনসমাৱেশত ভাষণ প্রদান কৰি “অসমত এইবাৰ দাড়ি, টুপী, লুঙীৱালাৰ চৰকাৰ হ'ব বুলি চৰম সাম্প্রদায়িক মন্তব্য প্রকাশ কৰিছিল। লক্ষ্যনীয়ভাৱে তেতিয়াও কংগ্ৰেছ দল নীৰৱে আছিল। বর্তমান এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদকে সামাজিক মাধ্যমত মুক্তভাৱে তালিবানক সমর্থন কৰি মত প্রকাশ কৰাৰ
পিছতাে কংগ্ৰেছ টোপনিত লাল কাল। এইয়াই কংগ্ৰেছৰ দেশপ্রেমৰ নমুনা বুলি বিজেপিৰ মুখপাত্র ৰঞ্জীৱ কুমাৰ শমই তীব্রভাৱেকটাক্ষ কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা