বটদ্ৰৱা সমষ্টিত বিদ্যালয়ৰ গৃহ নির্মাণৰ নামত বিয়াগোম কেলেংকাৰী≈≈নাম সাঙুৰ খাইছে প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ লগতে স্বামী আকাশদ্বীপ ডেকাৰ

#বটদ্ৰৱা সমষ্টিত বিদ্যালয়ৰ গৃহ নির্মাণৰ নামত বিয়াগোম কেলেংকাৰী≈≈নাম সাঙুৰ খাইছে প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ লগতে স্বামী আকাশদ্বীপ ডেকাৰ#

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১১ আগষ্টঃ বিগত নিৰ্বাচনত পৰাজিত হৈয়ো পৰাজয় স্বীকাৰ কৰিব নোখোজে বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই । কিন্তু এইবাৰ প্ৰাক্তন বিধায়িকাগৰাকীৰ নাম সাঙুৰ খাইছে বিয়াগোম কেলেংকাৰীত । অকল আঙুৰলতা ডেকাৰেই নহয় নাম সাঙুৰ খাইছে স্বামী আকাশদ্বীপ ডেকাৰো । আচলতে, বটদ্ৰৱা সমষ্টিৰ বিদ্যালয় সমূহৰ অতিৰিক্ত শ্ৰেণীকোঠা আৰু শৌচাগাৰ নিৰ্মাণৰ নামত সংঘটিত হৈছে এই বিয়াগোম কেলেংকাৰী । উল্লেখ্য, ২০১৮-২০১৯ বৰ্ষৰ আবন্টিত এম এছ ডি পি(MSDP) আচঁনিৰ অধীনত বটদ্ৰৱা সমষ্টিৰ বহুকেইখন বিদ্যালয়ৰ গৃহ নির্মাণৰ নামত আবন্টিত হৈছিল প্ৰায় দুই কোটি টকা । কিন্তু বিদ্যালয়ৰসমূহৰ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিক অজ্ঞাতে ৰাখি কাম নকৰাকৈয়ে ধন আত্মসাৎ কৰাৰ চাঞ্চল্যকৰ অভিযোগ এতিয়া সমষ্টিবাসীৰ মুখে মুখে । জানিব পৰা মতে, বিদ্যালয়সমূহৰ গৃহ নির্মাণৰ অধিকাংশ নিৰ্মাণ সমিতিৰ সদস্য সচিব হৈছে প্ৰাক্তন বিধায়িকা গৰাকীৰ স্বামী আকাশদ্বীপ ডেকা । ইয়াৰ বিপৰীতে আন কেইবাখনো বিদ্যালয়ৰ গৃহ নিৰ্মাণ সমিতিত আকৌ আছে আঙুৰলতা ডেকাৰ অতি ঘনিষ্ঠ কেইবাজনো বিজেপিৰ নেতা আৰু পালিনেতা । ইফালে, আশ্চৰ্যজনক কথাটো উত্থাপিত এনে দুৰ্নীতিৰ বিষয়ে জানিব বিচৰাত কেইবাগৰাকী প্ৰধান শিক্ষকে তেওঁলোকৰ বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ বাবদ কেতিয়া কেনেকৈ ধন আবন্টিত হ’ল সেই সম্পৰ্কত অজ্ঞতাহে প্ৰকাশ কৰে । সেয়ে প্ৰশ্ন হৈছে কি কাৰণত গৃহ নিৰ্মাণৰ সন্দৰ্ভত বিদ্যালয়ৰ কৰ্তৃপক্ষক অন্ধকাৰত ৰখা হ'ল ৷ সেয়া আজিৰ তাৰিখত এক ৰহস্যজনক বিষয় হিচাপে চিহ্নিত হৈছে । কাজেই, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সততে শূন্য সহনশীলতাৰ কথা কৈ থকাৰ সময়ত তেওঁৰেই অতি ঘনিষ্ঠ প্ৰাক্তন বিধায়িকা গৰাকীৰ বিৰুদ্ধে উত্থাপিত এনে অভিযোগক লৈ এতিয়া সমষ্টিৰ সৰ্বত্ৰে ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছে । সেয়ে কাম নকৰাকৈ এনেদৰে চৰকাৰী ধন আত্মসাৎ কৰা আঙুৰলতা ডেকা আৰু তেওঁৰ স্বামীৰ লগতে তেওঁলোকৰ কেইবাজনো সাংগোপাংগোৰ বিৰুদ্ধে কি ব্যবস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব ।
==================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা