বঙাইগাঁৱত ৰাষ্ট্ৰীয় পেলুনাশক কাৰ্যসূচী আৰু ডায়েৰীয়া নিয়ন্ত্ৰণ পষেকৰ শুভাৰম্ভ

বঙাইগাঁওঃ ১৬ আগষ্টঃ আজি বঙাইগাঁও জিলাত উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াই ৰাষ্ট্ৰীয় পেলুনাশক কাৰ্যসূচী আৰু ডায়েৰীয়া নিয়ন্ত্ৰণ পষেকৰ শুভ উদ্বোধন কৰে। এই  উপলক্ষে বইটামাৰী আদৰ্শ চিকিৎসালয়ত আয়োজিত এক  অনুষ্ঠানত ভাষণ প্ৰসংগত উপায়ুক্ত ডা:লক্ষ্মী প্ৰিয়াই আশাকৰ্মী সকলক জিলাখনৰ প্ৰতিটো শিশুক বছৰত দুবাৰ পেলুৰ দৰৱ খুওৱাটো নিশ্চিত কৰিবলৈ আহ্বান জনায় যাতে প্ৰতিটো শিশুৰ সুস্বাস্থ্য অটুত থাকে আৰু পেলুৰ পৰা হ'ব পৰা সকলো ৰোগৰ পৰা মুক্ত হয়। আনহাতে ডায়েৰীয়া নিয়ন্ত্ৰণ পষেকৰো শুভাৰম্ভ কৰে উপায়ুক্ত ডা:লক্ষ্মী প্ৰিয়াই । উপায়ুক্তগৰাকীয়ে কয় যে  ডায়েৰীয়া হোৱা শিশুৰ ঘৰে ঘৰে গৈ আশাকৰ্মীয়ে সেই পৰিয়ালৰ সদস্যক সজাগ কৰিব লাগে যাতে পৰিয়ালৰ সদস্যই ডায়েৰীয়া হোৱা শিশুক অ আৰ এচ অৰ্থাৎ শক্তিদায়ক চৰবত খুৱাই থাকে নিয়মীয়াকৈ ৷ কাৰণ ডায়েৰীয়া হ'লে শিশু দুৰ্বল হয়। অ আৰ এচ খুৱালে শিশুটিয়ে শৰীৰত শক্তি পায় আৰু মাকৰ গাখীৰ খাই থকা শিশুৰ ডায়েৰীয়া হ'লে গাখীৰ খুওৱাটো বন্ধ কৰিব নালাগে। কিছুমান লোকৰ অন্ধবিশ্বাস আছে যে মাকৰ গাখীৰ বেয়া কাৰণে ডায়েৰীয়া হৈছে, কিন্তু এয়া সত্য নহয়। যিকোনো বেমাৰেই নহওক কিয় মাকৰ গাখীৰ খুৱাই থাকিব লাগে বুলি কয় উপায়ুক্তগৰাকীয়ে। অনুষ্ঠানত জিলা আঁচনি প্ৰবন্ধক আনন্দ শৰ্মা,মাণিকপুৰ আদৰ্শ চিকিৎসালয়ৰ উপ-অধীক্ষক গোপাল ৰায়, ডিচি এম পাৰ্থ সাৰথি দাস, বইটামাৰী আদৰ্শ চিকিৎসালয়ৰ মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া মোস্তাফিজুৰ ৰহমান,আৰ বি এচ কেৰ সমন্বয়ক নকুল ব্ৰহ্মৰ লগতে চিকিৎসালয়খনৰ কৰ্মচাৰীসকল উপস্থিত থাকে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা