নলবাৰীত কোভিড ১৯ ৰ তৃতীয় ঢৌৰ বাবে প্ৰস্তুত নলবাৰী চিকিৎসা বিভাগ

*যুটিয়া স্বাস্থ্যসেৱা সঞ্চালকে জনালে নলবাৰীত ৫ খন শিশুৰ আইচিইউ বিছনাৰ লগতে ৪৫ খন অক্সিজেনযুক্ত বিছনাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ*

*নলবাৰী যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকক অপৰাধ নিয়ন্ত্ৰণ গৱেষণা সংস্থাৰ সম্বৰ্ধনা*
 
কভি'ডৰ ভয়াৱহ পৰিস্থিতিৰ সময়ত নিজৰ জীৱনক তুচ্ছ-জ্ঞান কৰি    স্বাস্থ্য কৰ্মী  সকলে দিনে নিশাই  কভি'ডৰ বিৰুদ্ধে যুজঁ দি কভি'ড প্ৰতিৰোধৰ যথেষ্ট সবল ভুমিকা গ্ৰহন কৰি আহিছে৷ আৰু তেনেক্ষেত্ৰত সেইকল কভি'ড যোঁদ্ধাক আজি ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত অপৰাধ নিয়ন্ত্ৰণ গৱেষণা সংস্থাৰ ৰাজ্যিক সিমিতিৰ হৈ সভাপতি সুৰজ চৌধুৰী আৰু অসম প্ৰভাৰী ৰুবুল দাসে ( Crime control Research Oganisation  )  নলবাৰী স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক উমেশ ফাংচুক   এখন ফুলম গামোছাৰ লগতে এখন মানপত্ৰৰে শুভেচ্ছা  জনাই৷উক্ত কাৰ্যলয়তে সম্বৰ্ধনা জনোৱাৰ পিছত নলবাৰী স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক উমেশ ফাংচুই সাংবাদিকৰে হোৱা কথা বতৰাত কয় যে নলবাৰী জিলাৰ খনত 
     কভিডৰ তৃতীয় ঢৌ চেপ্তেম্বৰ অথবা অক্টোবৰ মাহত অহাৰ সম্ভাৱনা থকা বুলি মন্তব্য প্ৰকাশ কৰি কয় যে  নলবাৰী জিলাৰ শ্বহীদ মুকুন্দ কাকতি অসামাৰিক চিকিৎসালয়ত  কোভিডৰ তৃতীয় ঢৌৰ বাবে পাঁচ খন শিশুৰ বাবে আইচিইউ নিৰ্মাণৰ কাম চলি আছে লগতে অস্কিজেনযুক্ত ৪৫ খন বিছনাৰ কাম প্ৰায় সম্পূৰ্ণ হোৱা বুলি কয়৷আনহাতে বয়োজ্যেষ্ঠৰ বাবে ১৫ খন আইচিইউ বিছনাৰো কাম চলি থকাৰ কথা জনায়৷ গতিকে কোভিডৰ তৃতীয় ঢৌত কোনোলোকে ভয় নাখায় সজাগ হোৱাৰ উপদেশ দিয়ে যুটীয়া সঞ্চালক গৰাকীয়ে৷

নলবাৰী পৰা শংকৰ দাস ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা