দুৰাৰোগ্য ৰোগত নগাঁও জিলা শিক্ষা বিভাগৰ প্ৰকল্প বিষয়া মোস্তফা ছাদিকুৰ ৰহমানৰ মৃত্যুত গভীৰ শোকৰ ছাঁ মৈৰাবাৰীত

দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ নগাঁও জিলা শিক্ষা বিভাগৰ প্ৰকল্প  বিষয়া  মোস্তফা  ছাদিকুৰ ৰহমানৰ মৃত্যুত  গভীৰ শোকৰ ছাঁ মৈৰাবাৰীত।

 মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ দলৈ গাঁও নিবাসী তথা নগাঁও জিলা শিক্ষা বিভাগৰ প্ৰকল্প বিষয়া মোস্তফা ছাদিকুৰ ৰহমানৰ অকাল মৃত্যুত  বৃহত্তৰ মৈৰাবাৰী অঞ্চলৰ এক অপূৰণীয় ক্ষতি হ'ল। বোম্বাই স্থিত টাটা হস্পিতালত কালি  দোৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মোস্তফা ছাদিকূৰ ৰহমানৰ  মৃত্যু হোৱাৰ  বাতৰি ছচিয়েল মিডিয়াত  প্ৰকাশ  পোৱাৰ লগে লগেই বৃহত্তৰ মৈৰাবাৰী অঞ্চলৰ শিক্ষা প্ৰেমী ৰাইজ  শোকত  ভাগি পৰে।মৈৰাবাৰী প্ৰেছ ক্লাব,মৈৰাবাৰী কৃষক সংঘ, মৰিগাঁও জিলা পথাৰ পৰিচালনা সমিতি,মৈৰাবাৰী জেষ্ঠ নাগৰিক মঞ্চ,আমছুয়ে  শোক সন্তপ্ত পৰিয়াল বৰ্গ লৈ সমবেদনা জ্ঞাপন কৰি শোক প্ৰস্তাৱ গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে। মৃত্যুৰ সময়ত তেওঁ পত্নী, এজন পুত্ৰ আৰু এজনী কন্যা সন্তান এৰি থৈ যায়।

মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা