১৯৪৯ চনৰ ২৮ আগষ্টত কোচ বিহাৰৰ ৰজা জগদ্বীপেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰ আৰু ভাৰত চৰকাৰৰ মাজত হোৱা চুক্তিক চৰকাৰৰ প্ৰতাৰণা

আক্ৰাছুৱে ক'লা পতাকা উৰুৱাই পালন কৰিলে প্ৰতাৰণা দিৱস 

বঙাইগাঁওঃ ২৮ আগষ্টঃ ১৯৪৯ চনৰ ২৮ আগষ্টত ভাৰত চৰকাৰ আৰু কোচবিহাৰ ৰাজ্যৰ শেষ ৰজা জগদ্বীপেন্দ্র নাৰায়ণ ভূপ বাহাদুৰৰ মাজত হোৱা চুক্তি অনুসৰি কোচবিহাৰ ৰাজ্যক 'গ' শ্ৰেণীৰ ৰাজ্যৰ মৰ্যাদা প্ৰদান নকৰি চৰকাৰে কৰা প্ৰতাৰণাৰ প্ৰতিবাদত আজি আক্ৰাছুৱে বঙাইগাঁৱত ৰাজহুৱা স্থানত ক'লা পতাকা উত্তোলন কৰি প্ৰতাৰণা দিৱস পালন কৰে ৷  আক্ৰাছুৰ বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত বৰপাৰা ৰাজহুৱা খেল পথাৰত সংগঠনটোৱে ক'লা পতাকা উৰুৱাই প্ৰতাৰণা দিৱস পালন কৰি ভাৰত চৰকাৰে জনগোষ্ঠীটোক কৰা প্ৰতাৰণাৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ কাৰ্যসূচীত আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পুৰেণ ৰায়, সাংগঠনিক সম্পাদক কমল সৰকাৰ, জিলা আক্ৰাছুৰ সাধাৰণ সম্পাদক বিকাশ বৰ্মন আদি উপস্থিত থাকে ৷ ইপিনে কাৰ্যসূচী ৰূপায়ণ কৰি সভাপতি পুৰেণ ৰায়ে কয় যে ভাৰতে স্বাধীনতা পোৱাৰ দুবছৰ পিছত অৰ্থাৎ ১৯৪৯ চনৰ ২৮ আগষ্টত  ভাৰতৰ তদানীন্তন গৃহমন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেল আৰু কোচ বিহাৰ ৰাজ্যৰ তদানীন্তন ৰজা ছাৰ জগদ্বীপেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰৰ মাজত এক ঐতিহাসিক চুক্তিৰ জৰিয়তে ঐতিহাসিক কোচ-কমতা বা কোচ ৰাজ্যৰ অৱশিষ্ট অংশ কোচ বিহাৰ ৰাজ্য ভাৰতৰ সৈতে চামিল হৈছিল যদিও ভাৰত চৰকাৰে চুক্তিত উল্লেখিত চৰ্ত সমূহ কাৰ্যকৰী নকৰি কোচ কমতাপুৰ বাসীক বিভক্তহে কৰিছিল ৷ ১৯৪৯ চনৰ ২৮ আগষ্টত ভাৰত চৰকাৰ আৰু কোচ বিহাৰ ৰাজ্যৰ মাজত হোৱা চুক্তিত স্পষ্টভাৱে উল্লেখ আছিল যে কোচ বিহাৰ ৰাজ্য ভাৰতৰ সৈতে চামিল হলেও কোচ বিহাৰ ভাৰতৰ ভিতৰতে এখন সুকীয়া ৰাজ্য হিচাবে মৰ্যাদা পাব।  কিন্তু ভাৰত চৰকাৰে ঐতিহাসিক চুক্তিক অমান্য কৰি কোচ বিহাৰক সুকীয়া ৰাজ্য হিচাপে মৰ্যাদা নিদিলে । বৰং বৃৃৃটিছ সকলোৰ পদাংক অনুকৰণ কৰি ভাগ ভাগ কৰাৰ নীতিৰে কোচ সাম্ৰাজ্যক বিভক্ত কৰি পশ্চিম বংগ আৰু অসমত চামিল কৰি পশ্চিম বংগৰ কোচ ৰাজবংশী সকলোক অনুসূচিত জাতি (SC) আৰু অসমৰ কোচ ৰাজবংশী সকলোক অন্যান্য পিছপৰা শ্ৰেণীত (OBC) অন্তৰ্ভুক্ত কৰি কোচ ৰাজবংশী সকলোৰ ভাষা-সংস্কৃতি বিলুপ্ত কৰাৰ ষড়যন্ত্ৰৰে অসমীয়া আৰু বেংগলী ভাষা জাপি দিছিল । ইয়ে প্ৰমাণিত কৰিছে য়ে ভাৰত চৰকাৰে অতি কৌশল ৰচনা কৰি কোচ কমতাপুৰ বাসীৰ ঐক্যবদ্ধ শক্তিক ধ্বংশ কৰিব বিচাৰিছিল যাতে কোচ ৰাজবংশী সকলে ঐক্যবদ্ধ হৈ থাকিব নোৱাৰে।  ইপিনে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু) ৰ জন্ম হোৱাৰ মূল উদ্দেশ্যেই আছিল কোচ কমতাপুৰবাসীয়ে চুক্তি অনুসৰি পাব লগা পৃথক ৰাজ্য পুণৰ উদ্ধাৰ কৰা বুলি উল্লেখ কৰি সভাপতিগৰাকীয়ে কয় যে সেয়েহে যেতিয়ালৈকে ভাৰত চৰকাৰে চুক্তি অনুসৰি কমতাপুৰ ৰাজ্য গঠন নকৰিব তেতিয়ালৈ পৃথক কমতাপুৰ ৰাজ্য গঠনৰ আন্দোলন চলি থাকিব আৰু ২৮ আগষ্টৰ দিনটোত আক্ৰাছুৱে ৰাজহুৱা স্থানত ক'লা পতাকা উৰুৱাই প্ৰতাৰণা দিৱস হিচাবে পালন কৰি থাকিব ৷ 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা