চোৰাং কাঠ ব্যৱসায়ৰ বিৰুদ্ধে কৃষ্ণাই বন বিভাগৰ অভিযান অব্যাহতঃআজি পুণঃ জব্দ এক গাড়ী ফলা কাঠ

গোৱালপাৰা জিলাৰ কৃষ্ণাই আঞ্চলিক বন বিভাগে অবৈধ কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে  ৷ আজিও ৰাতিপুৱাৰে পৰা চলে তীব্ৰ অভিযান ৷ এই অভিযান কালত বন বিভাগে বুজুৰুক মাণিকপুৰ এলেকাৰ পৰা জব্দ কৰে এগাড়ী ফলা কাঠ ৷ জব্দ কৃত গাড়ী খনৰ পঞ্জীয়ন নম্বৰ এ এছ ০১ ডি ডি ৫৯২৭ ৷ উল্লেখ্য যে শিৱাণী পেগু দলে কৃষ্ণাই আঞ্চলিক বন বিভাগত বন বিষয়াৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা বিষয়া গৰাকীয়ে চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে ধাৰবাহিক ভাৱে অভিযান চলাই আহিছে ৷ এই অভিযান কালত ইতিমধ্যে জব্দ হৈছে বহু অবৈধ কাঠ ফলা মিল তথা মূল্যবান কাঠৰ কুণ্ডা ৷ আজিও জব্দ কৰে প্ৰায় চল্লিশ হেজাৰ টকা মূল্যৰ এগাড়ী ফলা কাঠ ৷ এই সন্দৰ্ভত বন বিষয়া গৰাকীৰ পৰা জানিব বিচৰাত তেওঁ কয়- কৃষ্ণাই আঞ্চলিক বন বিভাগে চোৰাং বেপাৰীয়ে অবৈধ ভাৱে চলাই থকা কাঠ ব্যৱসায়ৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিব ৷


কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ first news report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা