কামৰূপ জিলাৰ পানীটেমাত "হেল্থলাইন যোগা চেণ্টাৰ মেডিটেশ্বন আকুপ্ৰেচাৰ থেৰাপীৰ কেন্দ্ৰ মুকলি

কামৰূপ জিলাৰ পানীটেমাত "হেল্থলাইন যোগা চেণ্টাৰ মেডিটেশ্বন আকুপ্ৰেচাৰ থেৰাপীৰ কেন্দ্ৰ মুকলি। 

পঙ্কজ নাথ, চাংসাৰি, ২৩ আগষ্ট :

"স্বাস্থ্যই পৰম ধন" তথা "Prevention is better than Cure" এই আপ্ত বাক্যষাৰি মূল মন্ত্ৰ হিচাপে লৈ কামৰূপ জিলাৰ পানীটেমা অঞ্চলত কালি ২২ আগষ্ট ৰবিবাৰে এটি যোগ কেন্দ্ৰ ৰাইজৰ বাবে মুকলি কৰা হয়। ৰাইজৰ উপস্থিতিত উক্ত অনুস্থানখনৰ শুভ উদ্বোধন কৰে পূৱ বংশৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক তথা বোৰ্কাস্থিত সুধাকণ্ঠ একাডেমীক এক্সেলেন্সি শৈক্ষিক ন্যাসৰ পৰিচালন সঞ্চালক শ্বেখ আব্দুল হামিদে। এই মুকলি অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন সভা অনুষ্ঠিত কৰা হয় আৰু উক্ত অনুষ্ঠানৰ পোনপ্ৰথমে সভাত উপস্থিত আটাইকেইগৰাকি আমন্ত্ৰিত ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে যোগ প্ৰশিক্ষক প্ৰণামী লাহন, ভাস্কৰ ডেকা আৰু হিমাংশু ডেকাই।
পানীটেমা সাতগাওঁ হাইস্কুলৰ শিক্ষক  চক্ৰধৰ নাথে উক্ত সভাত সভাপতিত্ব কৰে! যোগৰ প্ৰয়োজনীয়তা সম্পৰ্কে মূল্যবান ভাষণ ৰাখে বিশিষ্ট সমাজকৰ্মী পৱিত্ৰ দেৱ গোস্বামীকে প্ৰমুখ্য কৰি পানীটেমা সাতগাওঁ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কমলা কলিতাৰ লগতে মধ্য কামপীঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰসন্ন কলিতা আৰু 
উত্তম চন্দ্ৰ ডেকাই। ভাষণ প্ৰসংগত পৱিত্ৰ দেৱ গোস্বামীয়ে কয় যে আজি চিকিৎসা বিজ্ঞানৰ উত্তৰণ হোৱা সত্বেও বহু চিকিৎসকে নিজে দৰৱ নাখাই যোগ কৰ্মৰ দ্বাৰা বেমাৰ নিৰাময় কৰাৰ কৌশল অৱলম্বন কৰাৰ অলেখ উদাহৰণ আছে। প্ৰকৃতিপ্ৰদত্ত বোকা মাটি গচকি ধান আদি ৰুই কৃষি কৰ্ম কৰি থকাও এটি উত্তম ব্যায়াম বুলি মন্তব্য কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গৰাকীয়ে! অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰসন্ন কলিতাই বৰ্তমান বিদ্যালয়সমূহত চৰকাৰে যোগ শিক্ষাৰ এটি বিষয় অন্তৰ্ভুক্ত কৰাৰ পোষকতা কৰে তেওঁ। নিজৰ
 ভাষণ ৰাখি অধ্যাপক শ্বেখ আব্দুল হামিদে কয় যে যোগৰ দৰে এটি কলা ইউৰোপৰ মানুহে সৌ তাহানিতে স্বামী বিবেকানন্দৰ অনুপ্ৰেৰণাতে লাভ কৰিছিল আৰু তেওঁৰ ব্যক্তিত্বৰ প্ৰতি আকৰ্ষিত হৈয়ে আদৰ কৰি লৈছিল । প্ৰাশ্চাত্যৰ বাবে প্ৰাচ্যৰ স্বামী বিবেকানন্দ যেন আছিল এক আদৰ্শ। তেখেত ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীদ্বয় পণ্ডিত জৱাহৰলাল নেহৰু আৰু লাল বাহাদুৰ শাস্ত্ৰীৰ দৈনিক যোগাসক। লালবাহাদুৰ শাস্ত্ৰী প্ৰধানমন্ত্ৰী হোৱা স্বত্বেও মাটিত হাল বাই কৃষিকৰ্ম কৰি উৎপাদন কৰাৰ কথাও দোহাৰে অধ্যাপক হামিদে । তেওঁ লগতে চীন দেশৰ স্বাস্থ্য বিধানৰ কথা কয়, য'ত বিনা ঔষধে অংকুপাংচাৰ চিকিৎসা কৰি চীন দেশৰ মানুহে কেনেকুৱা চিকিৎসা গ্ৰহণ কৰি আছে তাক দোহাৰে!  দেহ নিৰোগী হৈ থাকিবলৈ সু খাদ্য লাগিব, আৰু আজি ভাৰতবৰ্ষত ভেজাল খাদ্য আৰু অতিমাত্ৰা কীটনাশক আৰু ৰাসায়নিক সাৰৰ কুফলৰ কথা তেওঁ কয়! 
যোগগুৰু তৰুণ ডেকাই যোগৰ মাহাত্মৰ ওপৰত বিস্তৃত ব্যাখ্যা দাঙি ধৰে! সদৌ শেষত অনিল ডেকাই শলাগৰ শৰাই আগবঢ়াই আৰু শংখবাদন মন্ত্ৰ উচ্চাৰণ, দেৱ ধ্বন্নিৰে সভাৰ কাৰ্যসূচী সমাপ্ত কৰা হয় বুলি জানিব পৰা গৈছে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা