কৃষ্ণাইৰ যুৱ ব্যৱসায়ী আনোৱাৰ আলীৰ সাফল্যঃএইছ ডি পাণ ভাণ্ডাৰে যুৱক জনক দিছে সুকীয়া পৰিচয়

কামৰ কোনো সৰু বৰ নাই ৷ উদ্যম আৰু একাগ্ৰতা থাকিলে যিকোনো কৰ্মতে প্ৰতিষ্ঠিত হোৱাৰ অলেখ সুযোগ থাকে ৷ ইয়াৰ উপযুক্ত উদাহৰণ কৃষ্ণাইৰ পাণ ব্যৱসায়ী আনোৱাৰ আলী ৷ আনোৱাৰ আলী গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ বেতবাৰীৰ বাসিন্দা ৷ কৃষ্ণাইৰ খৰিধৰা বজাৰত থকা এইচ ডি পাণ ভাণ্ডাৰৰ স্বত্ত্বাধিকাৰী আনোৱাৰ আলী ৷ উদীয়ামান যুৱক জনে চুপাৰী পাণৰ ব্যৱসায় কৰিয়ে আৰ্থিক ভাৱে স্বচ্ছল হৈ উঠিছে ৷ আনোৱাৰৰ এইছ ডি পাণ ভাণ্ডাৰৰ মিঠা পাণ, এক শ বিশ পাণ, চকলেট পাণ,ফায়াৰ পাণ আদিৰ সোৱাদ ল’বলৈ প্ৰতিদিনে গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা শ শ গ্ৰাহকে ভিৰ কৰে খৰিধৰা বজাৰত ৷ যুৱক জনৰ 
কৰ্মস্পৃহা আৰু সুন্দৰ ব্যৱহাৰে আকৃষ্ট কৰে সাধাৰণ জনতাক ৷ তেঁৱৰ
ব্যৱসায়ে আৰু উন্নতি লাভ কৰক আমিও তাকেই কামনা কৰিছোঁ ৷


কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, first news report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা