ডিএছপি হ'ল লাভলীনা : প্ৰতিমাহে চৰকাৰে দিব ১ লাখ টকাকৈ

ডিএছপি হ'ল লাভলীনা 
প্ৰতিমাহে চৰকাৰে দিব ১ লাখ টকাকৈ

ষ্টাফ ৰিপোৰ্টাৰ : ন-ইতিহাস ৰচনা কৰি প্ৰথম গৰাকী অসমীয়াৰূপে টকিঅ’ অলিম্পিকত পদক লাভ কৰা অসমগৌৰৱ লাভলীনা বৰগোহাঁইক অসম চৰকাৰে বিশেষভাৱে পুৰস্কৃত কৰিছে। লাভলীনালৈ চৰকাৰে প্ৰদান কৰিছে অসম আৰক্ষীৰ DSP পদ । তাৰোপৰি পেৰিছ অলিম্পিক পৰ্যন্ত প্ৰতিমাহে লাভলীনা বৰগোহাঁইক চৰকাৰে দিব এক লাখ টকাকৈ। যাতে লাভলীনাৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত আৰ্থিক অভাৱ নহয় । তাৰোপৰি গুৱাহাটীৰ এটা পথ লাভলীনা বৰগোহাঁইৰ নামেৰে নামাকৰণ কৰাৰ লগতে সৰুপথাৰত তেঁওৰ নামত এখন ষ্টেডিয়াম নিৰ্মাণ কৰিব চৰকাৰে। আনপিনে লাভলীনাৰ চাৰিগৰাকী প্ৰশিক্ষকক প্ৰত্যেককে ১০ লাখ টকাকৈ প্ৰদান কৰিব অসম চৰকাৰে।
এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা