চাংসাৰীত ইণ্ডিয়ান ৰেড ক্ৰছ চচাইটি আৰু কলেজ নগৰ মছজিদ কমিটিৰ যৌথ উদ্যোগত স্বাধীনতা দিৱস পালন

পঙ্কজ নাথ, চাংসাৰি, ১৭ আগষ্ট :

সমগ্ৰ দেশৰ লগতে চাংসাৰী কলেজনগৰটো উলহ মালহেৰে দেশৰ ৭৫তম স্বাধীনতা দিৱস উদযাপন কৰা হয়। এই স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত চাংসাৰী ৰেলৱে ষ্টেচনৰ 'গুডছ য়াৰ্ডৰ' অধীক্ষক বিপুল দাসক পতাকা উত্তোলন কৰাৰ বাবে মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰা হয়। চাংসাৰি নিবাসী তথা পূব বংশৰ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক শ্বেখ আব্দুল হামিদে আঁত ধৰা অনুষ্ঠানটোত শ্বহীদ ভগত সিং আৰু আস্ফাকুল্লা খানৰ লগতে অসমৰ আই মাতৃৰ বাবে ফাঁচী কাঠত ওলমি যোৱা শ্বহীদ মণিৰাম দেৱান, গোমধৰ কোঁৱৰ, শ্বহীদ কুশল কোঁৱৰ, কনকলতা দেৱী, আৰু মুকুন্দ কাকতিৰ ত্যাগক সম্মান জনোৱা হয়।  স্বাধীনতা দিৱসৰ ওপৰত ভাষণ ৰাখি তেখেতে স্বতন্ত্ৰতা সেনানি সকলৰ বলিদানক শ্ৰদ্ধাৰে সুঁৱৰে আৰু কয় যে, দেশৰ নাগৰিক যেতিয়ালৈ সুশিক্ষিত ন'হব আৰু যেতিয়ালৈ দুখীয়া শ্ৰেণীৰ নাগৰিকে বিনামূলীয়া চিকিৎসা সেৱা লাভ নকৰিব তেতিয়ালৈ স্বাধীনতা যেন অপূৰ্ণ হৈ থাকিব। দেশৰ প্ৰগতিৰ বাবে আজিৰ প্ৰেক্ষাপটত হিন্দু মুছলিম শিখ খ্ৰীষ্টান সকলো এক হৈ থাকিব লাগিব। অসম ৰাজ্যিক কৌশল বিকাশ মিছনৰ বিষয়া পিংকু চৌধুৰীয়েও দেশৰ একতা আৰু অখণ্ডতাৰ ওপৰত মন্তব্য ৰাখি সমাজ বিভাজন কৰিব পৰা অশুভ শক্তিক একতাৰে মষিমূৰ কৰাৰ কথা দোহাৰে। বিশিষ্ট সমাজকৰ্মী কংকণ নাথে বৰ্তমান চৰকাৰৰ দ্বাৰা বাক স্বাধীনতা খৰ্ব কৰাত দুখ প্ৰকাশ কৰে। মছজিদ কমিটিৰ সভাপতি ইদ্ৰিছ আলীয়ে ব্ৰিটিছৰ শাসন আৰু শোষণ নীতিক সমালোচনা কৰাৰ সমান্তৰালকৈ তেওঁলোকৰ আমোলত ৰেলৱেকে আদি কৰি বিভিন্ন উন্নয়নৰ লগতে খ্ৰীষ্টিয়ান মিছনেৰীয়ে শিক্ষা আৰু চিকিৎসাৰ ক্ষেত্ৰত তেওঁলোকে বঢ়োৱা অৱদানকো প্ৰশংসা কৰে।   এই সভাত ছাত্ৰনেতাদ্বয় আনিচুৰ ৰহমান আৰু অলকেশ নাথেও উপস্থিত থাকি বহুমূলীয়া বক্তব্য ৰাখে! সামৰণি ভাষণ ৰাখি দেশ মাতৃৰ সেৱাৰ বাবে সকলো সময়তে সাজু হৈ থাকিব পৰাকৈ 'ইণ্ডিয়ান ৰেড ক্ৰছ চচাইতি'ৰ দ্বাৰা পৰৱৰ্তী সময়ত বিভিন্ন কাৰ্যপন্থা হাতত গ্ৰহণ কৰা হ'ব বুলি সংস্থাটোৰ অন্যতম সদস্য চৈয়দ ৰাজিকুল হুছেইনে মন্তব্য প্ৰদান কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা