পৰিবেশ সজাগতাৰ লক্ষ্যৰে এমব্ৰে'ছ ফাউণ্ডেচনৰ বৃক্ষৰোপণ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩০ আগষ্টঃ নগাঁৱৰ অন্যতম অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন এমব্ৰে'ছ ফাউণ্ডেচনে বিগত কিছুদিন ধৰি ধাৰাবাহিকভাবে বিভিন্ন সমাজসেৱামূলক কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ৷ ইয়াৰ অংশহিচাপে স্বেচ্ছাসেৱী সংগঠনটোৰ উদ্যোগত দেওবাৰে বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত নিজ হাতীচোং গাঁও পঞ্চায়তত এক বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ পৰিবেশ সজাগতাৰ লক্ষ্যৰে গ্ৰহন কৰা এই কাৰ্যসূচী পঞ্চায়তটোৰ হাতীচোং হাইস্কুল আৰু গান্ধীজী প্ৰাথমিক বিদ্যালয়ৰ চৌহদত ৰূপায়ণ কৰা হয় ৷ কাৰ্যসূচীত 'এমব্ৰে'ছ ফাউণ্ডেচন'ৰ হৈ সমাজসেৱিকা প্ৰণামিকা দত্ত, পাৰ্থজিৎ দাস, অনিমা দাস, কিশোৰ ৰঞ্জন নাথকে আদি কৰি ফাউণ্ডেচনৰ বিষয়ববীয়া তথা সদস্য-সদস্যাসকলৰ লগতে শিক্ষানুষ্ঠান দুখনৰ কৰ্তৃপক্ষ, স্থানীয় পঞ্চায়ত প্ৰতিনিধিকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ এই কাৰ্যসুচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে শিক্ষানুষ্ঠান দুখনৰ প্ৰধান শিক্ষকদ্বয় ভূপেন কুমাৰ নাথ আৰু পৱন জ্যোতি বৰাই ৷ এমব্ৰে'ছ ফাউণ্ডেচনৰ এনে পদক্ষেপক অঞ্চলটোৰ সচেতন ৰাইজে শলাগ লৈছে ।
===================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা