নগাঁৱত চাৰিদিনে সন্ধান নাই অষ্টম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীৰ

# নগাঁৱত চাৰিদিনে সন্ধান নাই অষ্টম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীৰ#

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৯ আগষ্টঃ নগাওঁ জিলাৰ পশ্চিম প্ৰান্তৰ আহোমগাঁও আৰক্ষী পহৰা চকীৰ এলেকাধীন ছালনাবড়িৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত এগৰাকী কিশোৰী চাৰিদিনে নিৰুদ্দেশ হৈ থকা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, ছালনাবড়ি নিবাসী বাহাৰুল ইছলামৰ সম্পৰ্কীয় ভগ্নী মৰিয়ম বিবি নামৰ ১৭ বছৰীয়া কিশোৰীগৰাকী যোৱা ২৫ আগষ্টৰ দিনা পুৱাৰ ভাগত ছালনাবড়িস্থিত অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰলৈ যোৱাৰে পৰা ৰহস্যজনকভাবে সন্ধানহীন হৈ পৰে ৷ ইতিমধ্যে পৰিয়ালৰ লোকে কিশোৰীগৰাকীৰ বন্ধু-বান্ধৱী আৰু আত্মীয়-স্বজনৰ ঘৰৰ লগতে সম্ভাৱ্য সকলো ঠাইতে বিচাৰ-খুচাৰ কৰিছে যদিও কিশোৰীগৰাকীৰ কোনো সম্ভেদ বাহিৰ নোহোৱাত উপায়হীন হৈ স্থানীয় আহোমগাঁও আৰক্ষী পহৰা চকীত নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ৷ কিন্তু এনেদৰে নিখোজ হৈ পৰাৰ চাৰিদিন পাৰ হোৱাৰ পিছতো কিশোৰীগৰাকীৰ কোনো শুংসূত্ৰ নোলোৱাত পৰিয়ালবৰ্গ মানসিকভাবে ভাগি পৰিছে ৷ ইফালে, এই লৈ চিন্তিত হৈ থকা কিশোৰীগৰাকীৰ পৰিয়ালে কোনো দুষ্ট চক্ৰই কিশোৰীগৰাকীক অপহৰণ কৰাৰ সন্দেহ ব্যক্ত কৰিছে। গতিকে ৰঙা ৰঙৰ চুৰিদাৰ পৰিহিত কিশোৰীগৰাকীৰ কোনো লোকে যদি কিবা সম্বেদ পায় তেন্তে ওচৰৰ আৰক্ষী থানা নাইবা 98545-81290 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে নিৰুদ্দিষ্ট কিশোৰীগৰাকীৰ দুৰ্ভগীয়া পৰিয়ালবৰ্গই ৷ 
===================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা