চকলাঘাটত কৃষকৰ মাজত উন্নত মানৰ কঠিয়া বিতৰণ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১২ আগষ্টঃ বতৰৰ অসুবিধাৰ বাবে পলমকৈ কৃষিকৰ্ম সম্পাদন কৰিবলগীয়াত পৰাত কৃষকসকলৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ গ্ৰহন কৰিছে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামনি বৰাই ৷ বিধায়িকাগৰাকীৰ একান্ত প্ৰচেষ্টাত তথা অসম চৰকাৰৰ কৃষি বিভাগৰ সহযোগিতাত Digester management sceme ৰ ২০২১-২২ বৰ্ষৰ community Nurchary program ৰ অধীনত এই পদক্ষেপ গ্ৰহন কৰা হৈছে ৷ ইয়াৰ অংশহিচাপে বৃহস্পতিবাৰে সমষ্টিটোৰ হাতীচোং মৌজাৰ অন্তৰ্গত চকলাঘাটত এনে কৃষকসকলৰ মাজত উন্নত মানৰ বাহাদুৰ Sub-1 প্ৰজাতিৰ শালিধানৰ কঠিয়া বিতৰণ কৰা হয়। উক্ত কাৰ্যসূচীত কৃষি বিষয়া গোলাপ শইকীয়া, গ্ৰামসেৱক আব্দুছ ছাত্তাৰ, শ্যাম সিং, বিপিন হাজৰিকাৰ লগতে আদৰ্শ কৃষক দীপ বৰা, বুধেন নাথ, সমাজকৰ্মী বিৰেন লালুং, নৱ কুমাৰ বৰা, উদ্যমী যুৱক বিকাশ বৰা, সমীৰ চৌধুৰী, প্ৰদীপ শইকীয়াকে প্ৰমুখ্য কৰি নিজ হাতীচোং, ৰাইদঙীয়া আৰু আইভেটী গাঁও পঞ্চায়তৰ প্ৰতিনিধি আৰু কৃষকসকল উপস্থিত থাকে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা