বিশ্ব আদিবাসী দিৱসত অধিকাৰ বিছাৰি ৰাজ পথত আদিবাসী ছাত্ৰ সন্থা

# বিশ্ব আদিবাসী দিৱসত অধিকাৰ বিছাৰি ৰাজ পথত আদিবাসী ছাত্ৰ সন্থা #

ডিমাকুছিৰ পৰা, পৱন নাথ 

সোমবাৰে বিশ্ব আদিবাসী দিৱস ৷ বিশ্ব আদিৱাসী দিৱসৰ দিনটোতে নিজ প্ৰাপ্য বিছাৰি সৰৱ হৈ পৰিল অসমৰ আদিৱাসী সকল ৷ দীৰ্ঘদিনে ৰজাঘৰৰ শোষণ আৰু প্ৰৱঞ্চনাৰ বলি হৈ অহা আদিৱাসী সকল বিশ্ব আদিবাসী দিৱসৰ দিনটোত ৰাজপথলৈ ওলাই আহি নিজৰ অধিকাৰ বিছাৰি আন্দোলনত নমা দেখা গ’ল ৷ অসম আদিবাসী ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতিয়ে  ডিমাকুছিত জনগোষ্ঠীতোৰ জনজাতিকৰণ , চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি আৰু আদিৱাসী সকলক ভূমিপট্ৰা প্ৰদানৰ দাৱীত মানৱ শৃংখল কাৰ্য্যসূচীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদী ছাত্ৰ কৰ্মী সকলে নিজ অধিকাৰৰ দাৱী আৰু চৰকাৰৰ শোষণ , বঞ্চনাৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে ৷


০৯/০৮/২১

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা