শিৱসাগৰত গো- সুৰক্ষা আইন,২০২১ বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী

*শিৱসাগৰত গো- সুৰক্ষা আইন,২০২১ বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী*
আমাৰ চিঞৰ শিৱসাগৰৰ পৰা মিছকাটোৰ ৰহমান:  আজি শিৱসাগৰ জিলাৰ বহু কেইটা দল সংগঠনৰ যৌথ উদ্যোগত  গো - সুৰক্ষা আইন বাতিলৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত জিলাখনৰ  বহু সংখ্যক গো- পালকেও অংশগ্ৰহণ কৰে। গো-সুৰক্ষা আইন, ২০২১ৰ বিৰুদ্ধে শিৱসাগৰৰ দহটাৰো অধিক দল-সংগঠনে জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, অসম জাতীয়তাবাদী যুৱ পৰিষদ, উজনি অসম মুছলিম কল্যান পৰিষদকে ধৰি জিলা খনৰ বহু কেইটা দল-সংগঠনৰ যৌথ উদ্যোগত অনুষ্ঠিত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি আইন খন প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক অনুৰোধ জনোৱা হয়।শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰা দল-সংগঠন সমূহে এই আইন খনে অসমৰ গ্ৰাম্য অৰ্থনীতি সম্পূৰ্ণৰূপে ভাঙি পেলাব বুলি মতপোষণ কৰে। আইন খনৰ বিৰোধিতা কৰি দল-সংগঠন সমূহে প্ৰতিবাদস্থলীত আইনখনৰ প্ৰতিলিপি দাহ কৰে। ইয়াৰ পূৰ্বে ধৰ্মঘটকাৰী সকলে হাতে হাতে প্লে কাৰ্ড লৈ গো - সুৰক্ষা আইন বাতিল কৰক, অসম চৰকাৰ হায় হায় আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। ইয়াৰ উপৰিও প্ৰতিবাদী সংগঠন কেইটাই চৰকাৰক কঠোৰ সমালোচনা কৰি কয় যে যদিহে অচিৰেই গো সুৰক্ষা আইন বাতিল নকৰে তেন্তে অনাগত দিনত ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ প্ৰদান কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা