ধিঙত স্বাধীনতা দিৱসৰ দিনাই দিনদুপৰতে দুঘৰত চোৰৰ চাফাই অভিযান

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৫ আগষ্টঃ দেশৰ ৭৫ তম্ স্বাধীনতা দিৱসৰ দিনাই নগাঁৱৰ ধিঙত সংঘটিত হৈছে চাঞ্চল্যৰ ঘটনা। গৃহস্থ নথকাৰ সুযোগ লৈ চোৰে দুঘৰত চলালে চাফাই অভিযান ৷ আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাক ভেঙুচালি কৰি দিনদুপৰতে সংঘটিত হৈছে এই চুৰিকাণ্ড ৷ ধিং থানাৰ এলেকাধীন ভকত গাঁৱৰ সৌৰন নাথ আৰু মালতি দেৱীৰ নামৰ ব্যক্তি দুগৰাকীৰ ঘৰত চোৰে চলালে লুটপাত ৷ ঘৰৰ দুৱাৰৰ লক ভাগি চোৰে ভিতৰত প্ৰৱেশ কৰি চলালে লুটপাট ৷ ঘৰৰ কোঠা লণ্ড-ভণ্ড কৰি চোৰে লুটি নিলে নগদ ধন, সোণ-ৰূপৰ আ-অলংকাৰ, কাপোৰ-কানি, বেংকৰ পাছবুককে ধৰি বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰসহ বিভিন্ন আচবাব । এই ঘটনাক কেন্দ্র কৰি অঞ্চলজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে । উল্লেখ্য যে, বিগত সময়ছোৱাত ধিং থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত সঘনে চুৰিকাণ্ড সংঘটিত কৰি আহিছে ৷ কিন্তু এনে চুৰিকাৰ্য ৰোধ কৰাৰ ক্ষেত্ৰত ধিং আৰক্ষীয়ে বিশেষ পদক্ষেপ গ্ৰহন নকৰাৰ গুৰুত্বৰ অভিযোগ উঠিছে ৷
===================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা