কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক অসম হকী, অসম যোগ সংস্থা, অসম জিমনাষ্টিকছ সন্থা আৰু অসম ৰেষ্টলিং সন্থাৰ পৰাও সম্বৰ্ধনা#

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২২ আগষ্টঃ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় বন্দৰ, জাহাজ, জল পৰিৱহন আৰু আয়ুস দপ্তৰৰ মন্ত্ৰীৰূপে দায়িত্ব লাভ কৰাৰ বাবে তেওঁক ৰাজ্যৰ বিভিন্ন ক্ৰীড়া সংগঠনসমূহৰ লগতে অসম হকী, অসম যোগ সংস্থা, অসম জিমনাষ্টিকছ সন্থা, অসম ৰেষ্টলিং সন্থা আৰু নগাঁও ক্ৰীড়া সংস্থায়েও বিশেষভাৱে সম্বৰ্ধনা জনায়। গুৱাহাটীৰ হোটেল ভিভাণ্টা বাই তাজত অসম অলিম্পিক সন্থাৰ দ্বাৰা শনিবাৰে সন্ধিয়া আয়োজিত এক অনুষ্ঠানত এই ক্ৰীড়া সংগঠনকেইটাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ফুলাম গামোচা, জাপি, ফুলৰ তোৰা, গ্ৰন্থ আৰু বিভিন্ন উপহাৰেৰে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ সংগঠন কেইটাৰহৈ অসম জিমনাষ্টিকছ সন্থাৰ সভাপতি তথা বিধায়ক ৰূপক শৰ্মা, অসম জিমনাষ্টিকছ সন্থাৰ সম্পাদক উজ্বল বৰুৱা, সৰ্বভাৰতীয় হকী ফেডাৰেছনৰ কোষাধ্যক্ষ তথা অসম হকীৰ সম্পাদক, বিশিষ্ট ক্ৰীড়া সংগঠক তপন কুমাৰ দাস, বিষয়ববীয়া মৃণাল চহৰীয়া, অসম যোগ সংস্থাৰ কাৰ্যকৰী সভাপতি তথা যোগাচাৰ্য শুভাশীষ ক'ৰ, ভাৰতীয় যোগ ফেডাৰেছনৰ মাণ্ডলিক সম্পাদক তথা যোগগুৰু প্ৰভাত চন্দ্ৰ বৰা, অসম যোগ সংস্থাৰ যুটীয়া সম্পাদক সমীৰ হাজৰিকা, নগাঁও ক্ৰীড়া সংস্থাৰ সাধাৰণ সম্পাদক প্লাৱন বৰুৱা, অসম ৰেষ্টলিং সংস্থাৰ বিষয়ববীয়া ৰাতুল শৰ্মা, প্ৰান্তৰ ভট্টাচাৰ্য, গৌৰাংগ ৰয় আৰু দিগন্ত বৰা আদিয়ে প্ৰতিনিধিত্ব কৰে ৷
===================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা