নলবাৰীৰ ছাৰাবড়ীত বুট মাহ খাই অসুস্থ শতাধিক

 নলবাৰীৰ  পশ্চিম  প্ৰান্তত থকা ছাৰাবড়ী সত্ৰত অঘটন। সত্ৰৰ মাহ  প্ৰসাদত  বিষক্ৰিয়া । সত্ৰৰ বৰদেউৰী চণ্ডীচৰণ  বৰ্মন  সহ শতাধিক  লোক আক্ৰান্ত । ছাৰাবড়ী গাঁৱত হাহাকাৰ৷  ছাৰাবড়ীস্থিত মহাপুৰুষ  মাধৱদেৱৰ সত্ৰত কালি পালন কৰা হৈছিল  গুৰুজনাৰ  তিৰোভাব  তিথি । তিৰোভাব  তিথি উপলক্ষ্যত  মাহ প্ৰসাদৰ ব্যৱস্থা কৰা হৈছিল আৰু এই মাহ প্ৰসাদ খাই বিষক্ৰিয়াত আক্ৰান্ত হল ভক্তপ্ৰাণ  ৰাইজ । সত্ৰখনৰ বৰদেউৰী চণ্ডীচৰণ  বৰ্মন  সহিতে গাঁৱৰ  শতাধিক  লোক বিষক্ৰিয়াত  আক্ৰান্ত হয় । অবশ্যে সুস্থ হৈ আছে সত্ৰাধিকাৰ  হেমকান্ত  অধিকাৰী । কীৰ্ত্তনৰ প্ৰসাদ খাই এইদৰে বিষক্ৰিয়াত আক্ৰান্ত বেছি সংখ্যক  লোক পেটৰ বিষ আৰু জ্বৰত আক্ৰান্ত  হৈ শয্যাগত  হৈ আছে । গাওঁ খনত চিকিৎসাৰ কোনো ব্যৱস্থা নাই আৰু পুৱা এঘাৰ বজালৈ গাওঁখনত  কোনো চিকিৎসক বা চিকিৎসা কৰ্মী উপস্থিত  হোৱা নাই৷


নলবাৰী পৰা শংকৰ দাস ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা