বঙাইগাঁৱত কামতা সাহিত্য ৰত্ন অম্বিকা চৰণ চৌধুৰীৰ ৯২ সংখ্যক জন্মদিন পালন

বঙাইগাঁওঃ ১৬ আগষ্টঃ বঙাইগাঁও জিলা সাহিত্য সভাৰ উদ‍্যোগত আৰু কোচ-ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্প তথা ৰত্নপীঠ প্ৰকাশন পৰিয়ালৰ সহযোগত আজি বঙাইগাঁৱৰ বৰপাৰাস্থিত ৰত্নপীঠ ক্ষেত্ৰত কামতা সাহিত্য ৰত্ন অম্বিকা চৰণ চৌধুৰীৰ ৯২ সংখ্যক জন্মদিন পালন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত চৌধুৰীৰ সমাধিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে বঙাইগাঁও মহাবিদ্যালয়ৰ অৱসৰী জ‍্যেষ্ঠ অধ‍্যাপক গোপেশ্বৰ তালুকদাৰে ৷ ইয়াৰ পিছত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে কোচ-ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্পৰ সভাপতি সত্য নাৰায়ণ ৰায়ে আৰু কামতা ৰত্নৰ প্ৰতিচ্ছবিত মাল‍্যাৰ্পণ কৰে বঙাইগাঁও জিলা কোচ-ৰাজবংশী সাহিত্য সভাৰ সভাপতি ৰামেশ্বৰ চৌধুৰীয়ে। আনহাতে অনুষ্ঠানৰ লগত সংগতি ৰাখি 'অম্বিকাচৰণ চৌধুৰীৰ জীৱনৰ ওপৰত আলোকপাত' শীৰ্ষক এখন  স্মৃতি চাৰণ সভাও অনুষ্ঠিত হয় ৷ বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি ৰমলা ৰায় সৰকাৰে সভাপতিত্ব কৰা সভাত বঙাইগাঁও জিলা সাহিত্য সভাৰ সম্পাদক বিনোদ কুমাৰ বৰ্মণে উদ্দেশ্য ব্যাখ্যা কৰে ৷  সভাত আলোচক হিচাপে উপস্থিত থকা গোপেশ্বৰ তালুকদাৰে কামতা সাহিত্য ৰত্নৰ সান্নিধ্যৰ কথা উল্লেখ কৰে। সেইদৰে অভয়াপুৰী মহাবিদ্যালয়ৰ অৱসৰী অধ‍্যাপিকা মৰমী বৰঠাকুৰ তালুকদাৰে সাহিত্য আৰু চৌধুৰীৰ সৃষ্টিৰ প্ৰতি আলোকপাত কৰে। সভাত বঙাইগাঁও শতদল শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিচিত্ৰ শৰ্মা, অসম সাহিত্য সভাৰ মুখপাত্ৰ অমৰেন্দ্ৰ বৰুৱা, বঙাইগাঁও জিলা সাহিত্য সভাৰ উপ সভাপতি বিক্ৰম মেধি, ৰামেশ্বৰ চৌধুৰী আদি বিশিষ্ট ব‍ক্তাসকলে বক্তব্য ৰাখে। উক্ত সভাতে অম্বিকা চৰণ চৌধুৰীৰ সাহিত্যৰ অৱলোকন হিচাপে চিত্তৰঞ্জন ৰায়ৰ 'এক মহীৰূপৰ জীৱন দৰ্শন' শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে সভাপতি ৰমলা ৰায় সৰকাৰ আৰু গোপেশ্বৰ তালুকদাৰে। তদুপৰি মনুচাঁদ সিংহৰ 'কবি আৰু কবিতা' শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে টুনীয়া সাহিত্য আৰু সাংস্কৃতিক মঞ্চৰ সভাপতি ধীৰাজ চন্দ্ৰ ৰায়ে। ৰত্নপীঠ প্ৰকাশন পৰিয়ালৰ হৈ দুয়োকে সম্বৰ্ধনা জনাই বক্তব্য ৰাখে অম্বিকা চৰণ চৌধুৰীৰ সুযোগ‍্যা কণ‍্যা তথা বঙাইগাঁও মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ‍্যক্ষা ড: ৰূপাঞ্জলী দেৱীয়ে। সভাত নেপালত অনুষ্ঠিত সংযুক্ত ভাৰতীয় ক্ৰীড়াত দুটাকৈ পদক লাভ কৰি গৌৰৱ কঢ়িয়াই অনা পূৰ্ণিমা চৌধুৰীক সম্বৰ্ধনা জনোৱা হয়। শিল্পী জ‍্যোতিকা ৰায়ে সভাত গোৱালপৰীয়া লোকগীত পৰিৱেশন কৰে ৷ সভাৰ অন্তত সংশ্লিষ্ট সকলোকে কৃতজ্ঞতা আৰু শলাগৰ শৰাই আগবঢ়ায় মোহন চন্দ্ৰ নাথে। শেষত অসম সংগীত পৰিৱেশন কৰি সভাৰ সামৰণি মৰা হয় ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা