বৰ্তমানৰ অস্থিৰ পৰিবেশ আৰু অৰ্থনৈতিক অৱস্থা

বৰ্তমানৰ অস্থিৰ পৰিবেশ আৰু অৰ্থনৈতিক অৱস্থা
//////////////////////////////////////////

বৰ্তমান দেশৰ অস্থিৰ পৰিস্হিতিত বহু সংখ্যক লোকেই আর্থিকভাৱে তেনেই জুৰুলা হৈ পৰিছে । পৰিস্থিতি ভাললৈ অহাৰ পাছতো আর্থিক অৱস্থা টনকিয়াল কৰিবলৈ যথেষ্ট সময়ৰ প্রয়োজন হব I অসম যিহেতু এখন কৃষিপ্রধান দেশ হোৱাৰ হেতুকে বেছিসংখ্যকে খেতিৰ ওপৰত নির্ভৰ কৰিব লাগে । কিন্ত এটা কথা কবই লাগিব।
খেতিৰ প্রতি বহুতৰে অনীহা আহি পৰিছে ।  এইটো হোৱাৰ কাৰণ হৈছে ,,,,
 বিনামুলীয়া চাউল বিতৰণ ব্যৱস্থাৰ বাবে ,আৰু সহজতে  খেতিৰ কৰিবৰ বাবে বেলেগ ঠাইৰ পৰা অহা লোকক নিয়োজিত কৰা সুবিধাৰ বাবে সম্ভৱ হৈছে    । বহু সংখ্যক ব্যক্তিয়ে খেতিৰ মাটিবিলাক বন্ধকত দিয়ে ,কোনোৱে আকৌ আধি ৰুবলৈ দিয়ে আৰু কোনোৱে বিভিন্ন কাৰণত বিক্রী কৰে I এনে বহু ব্যক্তি আছে সময়ৰ অজুহাত দেখুৱাই মাটিখিনি অনা অসমীয়া অথবা অসমীয়াক আধি কৰিবলৈ দিও গৌৰৱবোধ কৰে 
কথা হ'ল এই ব্যৱস্থাটোৰ বাবে  এটা সময়ত কিন্তু আমাৰ অসমীয়া মানুহখিনিয়ে কষ্টৰ সন্মুখীন হব লাগিব I কাৰণ কষ্ট হব বুলি ভাৱি  মাটিখিনি আমি বেলেগক আধি ৰুৱলৈ দি যিখিনি পালো সেয়া আমাৰ বাবে যথেষ্ট নহয় I এই যে খেতিত  নিয়োজিত কৰিবলৈ বাহিৰৰ দুই চাৰিজন লোকক নিয়োজিত কৰা হল তেওঁলোক গোজেই গজালি হোৱাৰ সম্ভাৱনাই অধিক I যদি আমি বাহিৰৰ এজন লোকক প্রশ্ৰয় দিছো ,কালিলৈ দুজন ,পৰহিলৈ তিনিজন এনেকৈয়ে প্রৱজ্রন হবলৈ  সুবিধা পাব I তেওঁলোকক তেতিয়া দোশাৰোপ কৰি লাভ নহব I 

অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰিবলৈ আমি প্রতিজন অসমীয়াই হাতে কামে কৰিবই লাগিব । ক'ৰণা অতিমাৰীৰ বাবে বাহিৰৰ কোম্পানীত কর্মৰত বহু যুৱক যুৱতী অসমলৈ ওভতি আহিছে I তেওঁলোকৰ সংস্থাপনৰ দায়িত্ব নিজেই বিচাৰি ল'ব লাগিব কৰ্মৰ যোগেদি Iচন পৰি থকা মাটিসমুহ চিনাক্ত কৰি তাত ভিন ভিন শস্যৰ খেতি কৰাৰ লগতে কৃষিৰ আনুসংগিক বিষয়বিলাকৰ ওপৰতো গুৰুত্ব দিব লাগিব I
অসমৰ মাটিসমুহত যাতে বাহিৰৰ কোনো লোকে বেদখল কৰিব নোৱাৰে তাৰ প্রতিও নজৰ দিব লাগিব ।

তদুপৰি অসম তথা উওৰ পুর্বাঞ্চলত প্রক্রিয়াকৃত চাহিদালৈ চাই খাদ্য প্রক্রিয়াকৰণ উদ্যোগৰ সম্ভাৱনীয়তা যথেষ্ট আছে I
ইয়াত যুৱক যুৱতীসকলক সংস্থাপন হোৱাৰ সম্ভাৱনা ।   এনে উদ্যোগ থাকিলে কৃষকসকলেও নিজৰ প্রাপ্য পাব I সামগ্রীৰ উচিত মুল্য পালে কামৰ প্রতি ধাওতি বাঢ়িব I তাৰ বাবং বজাৰ ব্যৱস্থাও লাগিব I এনে উদ্যোগ ঘৰুৱা ব্যৱসায়ৰ পৰা আৰম্ভ হ‌ব পাৰে ।এনে  কৰিলে নিশ্চয় সুফল পাম আৰু এদিন আমাৰ  অর্থনীতি উন্নত হব



লেখক  ,,,মাকুম মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক

দুলুমণি দেৱী
ফোন 9678164974

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা