ৰঙিয়াৰ যুৱ ব্যৱসায়ী ৰাজু দে'ৰ স্বাধীনতা দিৱসত চিকিৎসালয়ত মিঠাইৰ টোপোলা বিতৰণ

প্ৰতিবেদক , ৰঙিয়া, ১৭ আগষ্টঃ
বৃহত্তৰ ৰঙিয়া চহৰৰ মাজমজিয়াৰ যুৱ বস্ত্ৰ ব্যৱসায়ী তথা সমাজসেৱক ৰাজু দে'ৰ মহানুভৱতাই সাধাৰণ ৰাইজৰ মাজত এক আদৰ্শ দেখুৱাইছে। কিয়নো ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালৰ উপ অধীক্ষক ডাঃ দিলীপ কুমাৰ বৈশ্যৰ অনুমতি সাপেক্ষে ১৬ আগষ্টত ৰঙিয়া অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি হৈ থকা ৰোগী, ৰোগীৰ আত্মীয়, চিকিৎসক, নাৰ্ছ, চিকিৎসা কৰ্মী আদিৰ মাজত ৰসগোল্লা, চমচম মিঠাই, কালাকন, নিমকী,মিনাৰেল পানীৰ বটল আদিকে কৰি প্ৰায় শতাধিক মিঠাইৰ পেকেট চিকিৎসালয়খনত বিতৰণ কৰে। এই অনুষ্ঠানটিৰ উদ্বোধন কৰে অসামৰিক চিকিৎসালয়খনৰ উপ অধীক্ষক ডাঃ দিলীপ কুমাৰ বৈশ্যই । ডাঃ বৈশ্যই নিজৰ বক্তব্যত  যুৱ ব্যৱসায়ী ৰাজু দে'ৰ সমাজ সেৱক কৰ্মত সমাজৰ প্ৰতি থকা দ্বায়বদ্ধতা আৰু মহানুভৱতা পৰিচয়ৰ শলাগ লয়।কিয়নো বিগত স্বাধীনতা দিৱসটো এই গৰাকী ব্যৱসায়ীয়ে নিজৰ ধনেৰে চিকিৎসালয়খনৰ ৰোগী, চিকিৎসক , নাৰ্ছ, চিকিৎসা কৰ্মীসকলৰ মাজত মিঠাইৰ টোপোলা বিতৰণ কৰিছিল। এনেবোৰ সামাজিক কাম কৰি ভৱিষ্যতেও যাতে আৰু অধিক আগবাঢ়ি যাব পাৰে তাৰ বাবে উৎসাহ যোগায় ৰাজু দে'ৰ দীৰ্ঘায়ু কামনা কৰে। উল্লেখ্য যে লকডাউনৰ সময়তো যুৱ ব্যৱসায়ী ৰাজু দে'য়ে ৰঙিয়া চহৰৰ বিভিন্ন স্থানত উপস্থিত হৈ দুখীয়া-গৰীৱ লোক সকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিছিল । কালিৰ অসামৰিক চিকিৎসালৰ অনুষ্ঠানটিত বিশেষকৈ উপস্থিত থাকে ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালৰ উপ অধীক্ষক ডাঃ দিলীপ কুমাৰ বৈশ্যৰ উপৰি ডাঃ পদ্মেশ্বৰ কলিতা, ডাঃ অশোক কলিতা, ডাঃ পাপৰি দাস ,ফাৰ্মাছিত খালেক উজ জামান, ৰীনা ভৰালী, লেবৰেটৰী টেকনিচিয়ান বিউটি মনি ডেকা, কৰ্মচাৰী অমূল্য বৈশ্য প্ৰমূখ্যে চিকিৎসালয়খনৰ কৰ্মচাৰীবৃন্দ ।

প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা