গোৱালপাৰাত ইউনিচেফৰ সাংবাদিক কৰ্মশালা সম্পন্ন

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় আৰু ইউনিচেফৰ যুটীয়া উদ্যোগত গোৱালপাৰা জিলাৰ কৰ্মৰত সাংবাদিক সকলক লৈ আয়োজন কৰা হয় এক সাংবাদিক কৰ্মশালা ৷ গোৱালপাৰা সদৰৰ হোটেল ৰ’নী প্লাজাত অনুষ্ঠিত এই কৰ্মশালাৰ আলোচ্য বিষয় আছিল "ইমপেক্ট অব মালনিউট্ৰিচন অন দ্য চিল্ড্ৰেন অব অসম" আৰু "ইনডিং ভায়োলেন্স এগেইন্সত চিল্ড্ৰেন" ৷ ইউনিচেফ-কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ মিডিয়া প্ৰজেক্টৰ প্ৰকল্প পৰামৰ্শদাতা সাংবাদিক মৃণাল তালুকদাৰে আঁত ধৰা কৰ্মশালা খনিত সমল ব্যক্তি ৰূপে উপস্থিত থাকে ভূপেন হাজৰিকা স্কুল অব মাচ কমিনিকাচনৰ ডিৰেক্টৰ জয়ন্ত কুমাৰ শৰ্মা, গুৱাহাটী হাই কোৰ্টৰ অধিবক্তা কিশোৰ কুমাৰ কলিতা আৰু এ এম চিৰ কমিউনিটি মেডিচিনৰ এইচ অ ডি প্ৰফেচাৰ ডা° তুলিকা গোস্বামী ৷ দিনজোৰা কৰ্মশালা খনিৰ সামৰণিত ইয়াত অংশ লোৱা বাতৰি কাকতৰ সাংবাদিক সকলক একোখনকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় ৷ 


কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ first news report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা