নগাঁৱৰ শিমলুআটিত নিৰুদ্দিষ্ট মহিলাৰ মৃতদেহ উদ্ধাৰ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১২ আগষ্টঃ নগাঁও জিলাৰ দগাঁও আৰক্ষী পহৰা চকীৰ অন্তৰ্গত শিমলুআটিত আজি পুৱাৰ ভাগত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । মৃতদেহটো শিমলুআটি গাঁৱৰ ইদ্ৰিছ আলীৰ পত্নী জায়েদা খাতুন(৪৫) বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে ৷ আচলতে, বিগত কেইবছৰ মানৰ পৰা মানসিক ৰোগত আক্ৰান্ত হৈ থকা মহিলাগৰাকী কালি দুপৰীয়াৰে পৰা সন্ধানহীন হৈ আছিল । পৰিয়ালৰ লোকে ওচৰ-চুবুৰীয়া, আত্মীয়-স্বজনৰ ঘৰৰ লগতে সম্ভাব্য সকলো ঠাইতে বিচাৰ-খুচাৰ কৰিও মহিলাগৰাকীৰ কোনো সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাছিল ৷ কিন্তু আজি পুৱাৰ ভাগত মহিলাগৰাকীৰ এজন পুত্ৰই ঘৰৰ ওচৰতে থকা এটা পুখৰীত উপঙি থকা অৱস্থাত মহিলা গৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰে ৷ পিছত দগাঁও আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰভাৱে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰে । অসাৱধানবশতঃ পুখুৰীত পৰি যোৱাৰ ফলতেই মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে ৷ 
===================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা