নগাঁৱত নাৰিকল গছ কাটি থকা অৱস্থাত যুৱকৰ কৰুণ মৃত্যু

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৮ আগষ্টঃ নগাঁও চহৰৰ পাৰ্শ্ববৰ্তী বকুলতলাত বুধবাৰে সংঘটিত হোৱা এক শোকাৱহ দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হয় ৷ নিহত যুৱকজন জুৰীয়াৰ কছাৰী গাঁও নিবাসী আব্দুল ৰশ্বিদৰ পুত্ৰ ছাইদুল ইছলাম বুলি জানিব পৰা গৈছে ৷ ঘটনাৰ বিৱৰণী মতে, বকুলতলাৰ গীতাৰ্থ লাচিত বৰা নামৰ অভিবক্তাজনৰ ঘৰত থকা এজোপা নাৰিকল গছ কাটি থকা অৱস্থাত উক্ত দুৰ্ঘটনাটো সংঘটিত হয় ৷ আচলতে যুৱকজনে নাৰিকল জোপা কটাৰ পিছত শেষৰ অংশটো হঠাতে যুৱকজনৰ গাৰ ওপৰত বাগৰি পৰাত যুৱকজনৰ থিতাতে মৃত্যু হয় ৷ পিছত যুৱকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ চাৰিটা কণমানী সন্তানৰ পিতৃ ছাইদুল ইছলামৰ মৃত্যুত শোকৰ ছাঁ পৰিছে ৷ 
===================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা