ৰঙিয়া ৰেলৱে চিকিৎসালয়ৰ উন্মুক্ত নলাত পৰি যুৱকৰ মৃত্যুঃচিকিৎসালয়ৰ কৰ্মচাৰীৰ বিৰুদ্ধে ক্ষোভ

প্ৰতিবেদক, ৰঙিয়া ২২আগষ্টঃ ৰঙিয়া ৰেলৱে চিকিৎসালয়ৰ গাতে লাগি থকা এটা উন্মুক্ত নলাত পৰি আজি পুৱা এজন সুঠাম যুৱকৰ মৃত্যু হোৱাত ৰঙিয়াত তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে। যুৱকজন নলাত পৰি যোৱাৰ পিছত চিকিৎসালয়ত কৰ্তব্যৰত চিকিৎসা কৰ্মী এগৰাকী যুৱকজনক নলাৰ পৰা উঠোৱা দূৰৰে কথা যুৱকজনৰ মাতৃ আৰু পত্নীয়ে  উঠাবলৈ লওঁতে 'পুলিচ কেচ' বুলি কৈ তেওঁলোকক বাধা দিয়ে । অকল সেয়াই নহয় মাতৃ আৰু পত্নীয়ে ই ৰিক্সাৰ সহায়ত যুৱক জনক চিকিৎসালয়লৈ লৈ যোৱাৰ যোজা কৰি থকাত চিকিৎসাকৰ্মী জনে ভাবুকি প্ৰদান কৰি ই ৰিক্সা ওভতাই পঠাই দিয়ে বুলি পৰিয়ালৰ লোকে চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰে। পৰিয়ালৰ লোকে জনোৱা মতে চিকিৎসালয় চৌহদত মৃত অৱস্থাত পৰি থকা তথা পৰিয়ালৰ লোকে কান্দোনত ভাগি পৰাৰ পিছতো মানৱিকতাৰ খাতিৰত কৰ্তব্যৰত চিকিৎসক, নাৰ্ছ নাইবা চিকিৎসা কৰ্মীয়ে চিকিৎসালয় চৌহদত পৰি থকা যুৱকজনৰ এবাৰ খবৰ লোৱাৰ প্ৰয়োজন বোধ নকৰিলে বুলি মাতৃ আৰু পত্নীয়ে অভিযোগ কৰে৷ ৰেলৱে চিকিৎসালয়ত কৰ্তব্যৰত চিকিৎসক নাৰ্ছ আৰু চিকিৎসা কৰ্মীৰ এই ধৰনৰ অমানবীয় ঘটনাত ৰঙিয়াত তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি আজি পুৱা অনুকুল দাসে (৩২) ঘৰৰ পৰা ওলাই আহে৷ তেওঁ ৰঙিয়া ৰেলৱে চিকিৎসালয়ৰ চৌহদৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত অসাৱধানতা বশতঃ উন্মুক্ত নলাত পিছলি পৰি যায়। কিন্তু ৰহস্যজনক কাৰণত চিকিৎসালয়ৰ কৰ্মী নাইবা সেই পথেৰে অহা যোৱা কৰা কোনো এগৰাকী লোকে তেওঁক নলাৰ পৰা উঠোৱাৰ চেষ্টা নকৰিলে। বহু সময় ধৰি পানী ভৰ্তি নলাটোৰ পৰা উঠিবলৈ চেষ্টা কৰিও বিফল হোৱাৰ ফলত যুৱকজনে অকালতে মৃত্যুক সাৱটি লয়। পিছত ৰেল আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত প্ৰেৰণ কৰে। উল্লেখ্য ৰঙিয়া ৰেলৱে  মাণ্ডলিক কাৰ্য্যালয়ৰ অধীনৰ ৰঙিয়া ৰেল স্টেচনৰ  পানী নিস্কাসনৰ বাবে  নিৰ্মাণ কৰা  বৃহৎ বৃহৎ নলা সমূহ ঢাকনি নিদি মাহ মাহ ধৰি উন্মুক্ত ভাবে ৰখাৰ ফলত নলা সমূহ মৰন ফান্দত পৰিণত হৈছে। এই উন্মুুুক্ত নলাত পৰি ইয়াৰ পূৰ্বে কেইবাটাও  দুৰ্ঘটনা সংঘটিত হোৱাৰ উপৰিও ৰবিবাৰে পুৱাৰ ভাগত সংঘটিত হয় এই হৃদয় বিদাৰক ঘটনা। মৃত্যুুুুৰ সময়়ত তেওঁ পত্নী, মাতৃ আৰু এগৰাকী কনমানি পুত্ৰ সন্তানক এৰি থৈৈ যায়।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা