জন্মাষ্টমী উপলক্ষে লামডিঙতো কৃষ্ণ বন্দনা

আজি ভগৱান শ্ৰীকৃষ্ণৰ পবিত্ৰ জন্মাষ্টমী । জন্মাষ্টমী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাই জিলা লামডিং কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰিছে । ৰাতিপুৱাৰে পৰা লামডিং বাসী ৰাইজে নাম প্ৰসংগৰে লামডিং ইশকন মন্দিৰত জন্মাষ্টমী উদযাপন কৰা পৰিলক্ষিত হৈছে। লামডিং সকলো মন্দিৰতো ভক্ত প্ৰাণ ৰাইজ সকল ওলাই আহি কৃষ্ণ বন্দনাৰ নাম গাই ভগৱান শ্ৰীকৃষ্ণক আৰধনা কৰা পৰিলক্ষিত হৈছে৷ ৰাতিপুৱাৰ পৰা পূজাৰ কাম আৰম্ভ হোৱাৰ পিছত বন্তি প্ৰজ্জলন, ধৰ্মধ্বজা উত্তোলন আৰু ভক্ত প্ৰাণ ৰাইজে ভগবান শ্ৰীকৃষ্ণৰ নাম কীৰ্তন আৰম্ভ হয় । প্ৰতিকুলবতৰকো নেওচি ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত পূজা অৰ্চনা আগৱঢ়াই আশীষ লবলৈ ওচৰে পাজৰে  ভক্তৰ সমগম ঘটিছে পূজাৰ মণ্ডপখন। ঢাক , উৰুলি, শংখধ্বনি, ঘণ্টাৰ শব্দই গুঞ্জৰিত হৈছে সমগ্ৰ মন্দিৰ সমূহ । লামডিং শ্ৰীকৃষ্ণৰ চমৎকাৰী পূজা মণ্ডপ আৰু মন্দিৰ কাৰিকৰী কৌশল সমৃদ্ধ আলোকসজ্জা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে শ্ৰীকৃষ্ণৰ জন্মষ্টমী। যাৰ বাবে এতিয়া আকৰ্ষিত কৰিছে সকলোকে আৰু লামডিংবাসী ৰাইজৰ লগতে অঞ্চলটিৰ সকলো লোকে অংশগ্ৰহণ কৰে পূজাৰ সকলো কার্যসূচিত ।

লামডিঙৰ পৰা অভিষেক সৰকাৰ ৰিপৰ্ট।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা