কামৰূপ জিলাৰ জলাহত Assam Warriors Sports Academyৰ কেণ্টিন মুকলি

পঙ্কজ নাথ, চাংসাৰি, ৩০ আগষ্ট :

কামৰূপ জিলাৰ চাংসাৰী আৰক্ষী থানাৰ অন্তৰ্গত জলাহস্থিত Assam Warriors Sports Academyৰ এখন বহুমুখী কেণ্টিন কালি ৰবিবাৰে আবেলি প্ৰায় ৪ বজাত মুকলি কৰা হয়। এই কেন্টিন খন মুকলি কৰে পূব বংশৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহ: মুৰব্বী অধ্যাপক শ্বেখ আব্দুল হামিদে। ফুটবলক অশেষ গুৰুত্ব প্ৰদান কৰি
উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্য ক্ৰমে, নাগালেণ্ড, মণিপুৰ, মেঘালয়, মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰাৰ প্ৰায় ৭০ গৰাকী প্ৰতিভাৱান ফুটবল খেলুৱৈক বৰ্তমান উচ্চ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে প্ৰতিস্থানটোৰ পৰিচালন সঞ্চালক ডাক্তৰ হাচনুৰ চৌধুৰীয়ে। খেলৰ লগতে বৰ্তমান ৰূপকোঁৱৰ একাডেমীত অধ্যয়ন কৰি উক্ত হোষ্টেলত থকা ছাত্র খেলুৱৈ সকলৰ নিৰাপত্তা ও স্বাস্থ্যসন্মত খাদ্য যোগান ধৰাৰ উদ্দেশ্যেই এই বিষয়ত গুৰুত্ব আৰোপ কৰি এই কেণ্টিনখন মুকলি কৰা হয়। উদ্বোধনী অনুষ্ঠানটোত উপস্থিত থাকে শৰাইঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ ছাত্র নেতা আনিচুৰ ৰহমানৰ লগতে কেণ্টিনখনৰ স্বত্বাধিকাৰী আবুল আলী আৰু স্থানীয় সমাজকৰ্মী দুলাল দত্ত, দণ্ডিৰাম দাস, ৰঞ্জিত দাস, দ্বিজেন দাস প্ৰমুখ্যে অনুস্থানটোৰ বহুতো শুভকাংশী।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা