লোডশ্বেডিং : কালি নিশা জামুগুৰি বিদুৎ উপসংমণ্ডলৰ কাৰ্য্যালয়ৰ সন্মুখত ৰাইজৰ প্ৰতিবাদ

# নিশাৰ ভাগত জামুগুৰি বিদুৎ উপসংমণ্ডলৰ কাৰ্য্যালয়ৰ সন্মুখত ৰাইজৰ প্ৰতিবাদ।
# দিনটোত ৪৫বাৰ পৰ্য্যন্ত কৰ্তন কৰিছে বিদুৎ। 

 উৎকট গৰমত বিদুৎৰ সঘন লুকাভাকুত অতীষ্ঠ হৈ  জামুগুৰি বিদুৎ উপসংমণ্ডলৰ কাৰ্য্যালয়ৰ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে দেওবাৰে নিশাৰ ভাগত অঞ্চলটোৰ টুপিয়াৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে।অঞ্চলটোত দীৰ্ঘদিন ধৰি বিদুৎৰ  সঘন কৰ্তনৰ লগতে লগতে ১৫ আগষ্টৰ দিনটোতো ৪৫বাৰ পৰ্য্যন্ত বিদুৎ কৰ্তন কৰাত অতীষ্ঠ হৈ পৰা টুপিয়াৰ ৰাইজে কালি নিশাৰ ভাগত এইদৰে কুসুমটোলাস্হ জামুগুৰি বিদুৎ উপসংমণ্ডলৰ কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে প্ৰতিবাদী ৰাইজে ফোনযোগে বিদুৎ উপসংমণ্ডল বিষয়া গৰাকীক জবাবদিহি কৰে। বিদুৎৰ সঘন লুকাভাকুৰ অভিযোগ দিবলৈ গলেই দুখীয়া ৰাইজকো ইনভাৰ্ৰেটৰ কিনাৰ পৰামৰ্শৰে ইতিকিং কৰা জামুগুৰি বিদুৎ উপসংমণ্ডল বিষয়া গৰাকীকো কঠোৰ ভাষাৰে সমালোচনা কৰে প্ৰতিবাদী ৰাইজে।  অৱশ্যে ফোনযোগে জামুগুৰি বিদুৎ উপসংমণ্ডল বিষয়া গৰাকীয়ে  টুপিয়াত  বিদুৎৰ সঘন কৰ্তনৰ সমস্যা শীঘ্ৰেই  সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়াত প্ৰতিবাদী ৰাইজে বিদুৎ  উপসংমণ্ডলটোৰ কাৰ্যালয় চৌহদৰ পৰা আতৰি আহে।
জামুগুৰিহাটৰ পৰা জোন বৰা।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা