বিশ্ব হিন্দু পৰিষদ উত্তৰ গুৱাহাটী আমিনগাঁও প্ৰখণ্ডৰ লগতে চাংসাৰি, ধোপাটাৰীত জন্মাষ্টমী উৎসৱ উদযাপন

পঙ্কজ নাথ, চাংসাৰি, ৩০ আগষ্ট :

আজি সমগ্ৰ বিশ্বৰ লগতে বিশ্ব হিন্দু পৰিষদ উত্তৰ গুৱাহাটী আমিনগাঁও প্ৰখণ্ডৰ উদ্যোগত  দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠা দিৱস লগতে কৃষ্ণ জন্মাষ্টমী উদযাপন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে ভগৱান শ্ৰীকৃষ্ণ আৰু ভাৰত মাতাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি মাল্যাৰ্পন কৰে জগন্নাথ মন্দিৰৰ সম্পাদক অনিল বৰুৱা, বিশ্ব হিন্দু পৰিষদ গুৱাহাটী মহানগৰৰ প্ৰচাৰ সম্পাদক মুকুটেশ্বৰ গোস্বামী আৰু উত্তৰ গুৱাহাটী প্ৰখণ্ডৰ উপসভাপতি সঞ্জীৱ বৰুৱাই। পূৱা  ৮:৩০ বজাত উত্তৰ গুৱাহাটী শিলসাকোঁস্হিত শ্ৰী শ্ৰী জগন্নাথ মন্দিৰত ধৰ্মধ্বজ উত্তোলন কৰে 
  উত্তৰ গুৱাহাটী আমিনগাঁও প্ৰখণ্ডৰ সভাপতি কুলেন বড়োৱে ।  এই উপলক্ষে আয়োজিত 
চিত্ৰাংকণ প্ৰতিযোগিতা  প্ৰতিযোগিতাৰ "ক" শাখাত  প্ৰথম, দ্বিতীয়, তৃতীয় স্থান লাভ কৰে যথা ক্ৰমে তানিচা কলিতা, তাপসী গোস্বামী, বেদষ্মান শৰ্মাই । "খ" শাখাত প্ৰথম, দ্বিতীয়, তৃতীয় স্থান লাভ কৰে মৃগাক্ষী গোস্বামী, ভাইলীনা কলিতা আৰু ৰাজশ্ৰী বৰুৱাই।  আজিৰ সবাতকৈ আকৰ্ষণীয় বালক কৃষ্ণ প্ৰতিযোগিতাৰ প্ৰথম স্হান দৃষ্টিমনি হালৈ দ্বিতীয় মৌচম বৰুৱা তৃতীয় সিদ্ধান্ত বৰাই লাভ কৰে। নিচুকনী বঁটা প্ৰদান কৰা হয় হনশিখা বৰুৱাক। 
শিশুকৃষ্ণ লীলা আৰু কভিডৰ সতৰ্কতা উদ্দেশ্যি অতি সৰল অথচ মনপৰশা বক্তব্য আগবঢ়াই উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ প্ৰবক্তা প্ৰতীমা বৰুৱাই।বিজয়ী ছাত্ৰ ছাত্ৰীসকলক বঁটা প্ৰদান কৰে উত্তৰ গুৱাহাটী প্ৰখণ্ডৰ উপসভাপতি দিলীপ বড়া, জগন্নাথ মন্দিৰৰ সভাপতি নৰকান্ত বৰুৱা আৰু শংকৰদেৱ শিশু নিকেতনৰ উপপ্ৰধান আচাৰ্য জগদীশ শৰ্মাই । শেষত কল্যাণ মন্ত্ৰৰে অনুষ্ঠান সম্পন্ন কৰা হয় । আনহাতে আজি চাংসাৰিৰ গোপাল মন্দিৰ, গৰখীয়া মন্দিৰৰ লগতে আন আন নামঘৰত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উলহ মালহেৰে কভিড বিধি মানি পালন কৰা হয়। ইয়াৰ উপৰিও ধোপাটাৰীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চক্ৰপাণি প্ৰাথমিক শাখাৰ নামঘৰ আৰু অন্যান্য নামঘৰত শ্ৰী কৃষ্ণৰ জন্মাষ্টমী ভাগি কভিড বিধি মানি আড়ম্বৰপূৰ্ণ ভাবে পালন কৰা হয়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা