বিজেপিৰ ৰাজ্যিক সভাপতিৰ বিৰুদ্ধে গৃহ সমষ্টিত পথ নিৰ্মাণ নোহোৱাক লৈ তীব্ৰ প্ৰতিবাদঃ পথ অৱৰোধ

প্ৰতিবেদক, , ৰঙিয়া ২২ আগষ্টঃ অসম ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়া সমষ্টিৰ দুবাৰৰ বিধায়ক ভৱেশ কলিতাৰ বিৰুদ্ধে আজি ৰাজ পথলৈ ওলাই আহিল শতাধিক পুৰুষ মহিলাই। বিধায়ক ভৱেশ কলিতাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি ৰাইজে তেওঁৰ বিৰুদ্ধে বিভিন্ন ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি ৰঙিয়া মাহতলিৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ পথ ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই তেওঁৰ দুবাৰৰ কাৰ্যকালত  দুবাৰকৈ আধাৰশিলা স্থাপন কৰে।কিন্তু কোনো এক ৰহস্য জনক কাৰণত আজিলৈ পথটো নিৰ্মাণ নকৰিলে। ফলত স্থানীয় ৰাইজ  ক্ষুব্ধ হৈ উঠিছে। বিগত কেবাবছৰ ধৰি মনত পুহি ৰখা পুঞ্জীভূত ক্ষোভৰ বহিঃপ্ৰকাশ ঘটাই ৰাজপথত ওলাই আহে বিধায়ক কলিতাৰ বিৰুদ্ধে বিষোদগাৰ কৰে।  স্থানীয় ৰাইজে মতে ৰঙিয়া তুলসীবাৰী  মাহতলিত নিৰ্মাণ কৰা ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান চমুকৈ আই টি আই সংযোগী পথ এটা নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই দুবাৰকৈ আধাৰশিলা স্থাপন কৰিছিল। আধাৰশিলা স্থাপন কৰাৰ পিচত স্থানীয় ৰাইজে স্বাধীনতাৰ পিছৰ পৰা অৱহেলিত হৈ থকা পথ ছোৱা এই বেলি নিৰ্মিত হব বুলি আশা প্ৰকাশ কৰিছিল। অকল সেয়াই নহয় পথটো নিৰ্মাণৰ স্বাৰ্থতে তথা ঔদ্যোগিক প্ৰতিষ্ঠানটোৰ সুবিধাৰ বাবে ৰাইজে নিজ নিজ ঘৰৰ নিচেই কাষেৰে বিদ্যুতৰ ১১ হেজাৰ ভল্টৰ পৰিবাহী তাঁৰ নিবলৈ ঠিকাদাৰক অনুমতি প্ৰদান কৰিছিল । কিন্তু এটা চক্ৰৰ কু চক্ৰান্তত ঠিকাদাৰে সেই স্থানৰে পথটো নিৰ্মাণ নকৰি আন এটা ঠাইৰে নিৰ্মাণ আৰম্ভ কৰে বুলি স্থানীয় ৰাইজে গুৰুতৰ অভিযোগ উত্থাপন কৰে । আধাৰশিলা স্থাপন কৰা ঠাইৰ পৰা পথ নিৰ্মাণ নকৰি অন্য ঠাইৰে পথ নিৰ্মাণ কৰিবলৈ লোৱাত তেওঁলোকে প্ৰতিবাদ মুখৰ হৈ পৰে। স্থানীয় ৰাইজে বহু আবেদন নিবেদন কৰাৰ পাছতো সুদীৰ্ঘ ছবছৰে ও পথছোৱা নিৰ্মাণ নকৰাত বিক্ষুব্ধ ৰাইজে বিধায়ক ভৱেশ কলিতাৰ বিৰুদ্ধে শ্লোগান দি প্ৰতিবাদ মুখৰ হৈ পৰা বিষয়টো ৰঙিয়াৰ ৰাইজৰ মাজত ব্যাপক ভাৱে চৰ্চিত হৈছে।ৰাজ্যিক  বিজেপিৰ সভাপতি গৰাকীৰ গৃহ সমষ্টিত খোদ সভাপতিৰ বিৰুদ্ধে প্ৰতিবাদ হোৱা বিষয়টোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে । ৰাইজে অনতি পলমে ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান সংযোগী পথছোৱা অনতি পলমে নিৰ্মাণ কৰাৰ দাৱী জনাইছে অন্যথাই পৰৱৰ্তী সময়ত তীব্ৰতৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হব বুলি ৰাইজে সকীয়াই দিয়ে।উল্লেখ্য এই ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰী সকলে প্ৰশিক্ষণ লবলৈ আহি পথছোৱাৰ বাবে আহুকালৰ সম্মুখীন হয়। বিশেষকৈ বাৰিষাত পথছোৱা অধিক বিপজ্জনক হৈ পৰে বুলি ৰাইজে জানিবলৈ দিয়ে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা