বঙাইগাঁৱত ৰাজ্যিক শোক দিৱস পালন

বঙাইগাঁওঃ ১৬ আগষ্টঃ  আজি বঙাইগাঁৱতো ৰাজ্যিক শোক দিৱস পালন কৰা হয় । উল্লেখ্য যে বিগত ২০০৪ চনৰ ১৫ আগষ্টত ধেমাজিত উদযাপন কৰা স্বাধীনতা দিৱসৰ অনুষ্ঠানত সন্ত্ৰাসবাদীৰ বোমা বিস্ফোৰণত কেবাগৰাকীও ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ লোকেও সেইদিনা মৃত্যুবৰণ কৰিবলগীয়া হৈছিল। তেওঁলোকৰ স্মৃতিত আজি বইটামাৰী আদৰ্শ চিকিৎসালয়ত ৰাজ্যিক শোক দিৱস পালন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ৰাজ্যিক শোক দিৱসৰ শপত বাক্য পাঠ কৰোৱায় যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা:নীলমাধৱ দাসে ৷ কাৰ্যসূচীত জিলা উপায়ুক্তকে ধৰি জিলা আঁচনি প্ৰৱন্ধক আনন্দ শৰ্মা, মাণিকপুৰ আদৰ্শ চিকিৎসালয়ৰ উপ-অধীক্ষক গোপাল ৰায়,ডিচি এম পাৰ্থ সাৰথি দাস, বইটামাৰী আদৰ্শ চিকিৎসালয়ৰ মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া মোস্তাফিজুৰ ৰহমান,আৰ বি এচ কেৰ সমন্বয়ক নকুল ব্ৰহ্মৰ লগতে চিকিৎসালয়খনৰ কৰ্মচাৰীসকল উপস্থিত থাকে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা