সাংসদ দিলীপ শইকীয়াই বিতৰণ কৰে কোভিড ভেকচিন কেন্দ্ৰৰ বাবে আৱশ্যকীয় সামগ্ৰী

প্ৰতিবেদক, ৰঙিয়া, ২৮ আগষ্টঃ 

বিশ্বৰ সৰ্ববৃহৎ বিনামূলীয়া টীকাকৰণ অভিযান, সকলোৰে বাবে টীকাকৰণ সকলোৰে বাবে বিনামূলীয়া, এই কাৰ্যসূচীৰ সফল ৰূপায়নৰ হকে মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই কিছু আৱশ্যকীয় সা-সামগ্ৰী আগবঢ়াই। যোৱা ২২ আগষ্টত মঙ্গলদৈ উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাত সাংসদ গৰাকীয়ে কামৰূপ গ্ৰাম্য জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ গুনীন্দ্ৰ নাথ দেৱ শৰ্মাৰ হাতত সামগ্ৰীখিনি অৰ্পন কৰে। উক্ত সা সামগ্ৰীখিনি যুটীয়া স্বাস্থ্য সঞ্চালক জি এন দেৱ শৰ্মা আৰু চিএমচিডি ডাঃ নৰেন তিচুয়ে ২৬ আগষ্টত ৰঙিয়া অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ এটা এইচ পি লেপটপ, এটা এইচ পি প্ৰিন্টাৰ, এটা মাল্টিপাৰা মনিটৰ, এটা টেম্পাৰেচাৰ গান, পঞ্চাশ টা গ্লুকোজ ষ্ট্ৰিপৰ লগত এটা এইচ ডিএছ মিটাৰ, এটা স্টেন্দী, চাৰি টা  ইনফৰমেটিভ ব্ৰেণ্ডিং বিগ ছেট এটা, সাত টা ইনফৰমেটিভ ব্ৰেণ্ডিং স্মল ছেট এটা আৰু লেপটপ বেগ এটা ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালৰ উপ অধীক্ষক ডাঃ দিলীপ কুমাৰ বৈশ্যৰ হাতত আগবঢ়াই।  জিলাৰ স্বাস্থ্য যুটীয়া সঞ্চালক জি.এন দেৱ শৰ্মা, চি.এম.চি. ডি ডাঃ নৰেন টিচু ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালৰ উপ অধীক্ষক ডাঃ দিলীপ কুমাৰ বৈশ্যৰ উপৰিও ডাঃ পদ্মেশ্বৰ কলিতা, ডাঃ জয়ন্ত শৰ্মা, ফাৰ্মাছিত খালেক উজ জামান, নাৰ্ছ ৰাছিদা বেগম, কনিষ্ঠ সহায়ক গৌতম কলিতা, স্বাস্থ্য কৰ্মী অমূল্য বৈশ্য প্ৰমূখ্যে ছাফাই কৰ্মী সকলে  অংশগ্ৰহণ কৰে।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা