সদৌ অসম কলেজ কৰ্মচাৰী সন্থাৰ পূৰ্বৰ শিক্ষা মন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰীক প্ৰতিশ্ৰুতি পালনৰ দাবী

প্ৰতিবেদক, ৰঙিয়া ১৬ আগষ্টঃ সদৌ অসম কলেজ কৰ্মচাৰী সন্থাৰ তেওঁলোকৰ দীৰ্ঘদিনীয়া দাৱীসমূহ অনতিপলমে  কাৰ্যকৰী কৰাৰ বাবে অসম চৰকাৰক দাৱী জনাইছে। সন্থাৰ সভাপতি ৰমনী ৰাজবংশী আৰু উপ সভাপতি ধনেশ্বৰ তালুকদাৰে এই সন্দৰ্ভত প্ৰকাশ কৰা এক বিবৃতিত কয় যে, সন্থাই যোৱা বছৰ ৯ আগষ্টত তদানিন্তন শিক্ষামন্ত্রী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক  সাক্ষাৎ কৰি সন্থাৰ সাত দফীয়া দাবী পূৰণৰ বাবে দাৱী জনাইছিল। সাক্ষাৎকাৰৰ সময়ত তদানিন্তন শিক্ষা মন্ত্রীয়ে সন্থাৰ প্ৰতিটো সমস্যা অতি গভীৰভাৱে অধ্যয়ন কৰে আৰু সন্থাৰ সজাতি দলক অতি সোনকালে বিভাগীয় বিষয়া সকলৰ উপস্থিতিত আলোচনা কৰি সন্থাৰ প্ৰতিটো দাবী সমাধান কৰিব বুলি আশ্বাস প্ৰদান কৰে।ইয়াৰ উপৰিও সন্থাই বিগত বছৰৰ ৯ আগষ্টত উচ্চশিক্ষা সঞ্চালককো সাক্ষাৎ কৰি সন্থাৰ সাত দফীয়া দাবী সমূহৰ প্ৰতিলিপি দাখিল কৰে। সন্থাই উচ্চশিক্ষা সঞ্চালকক তেওঁলোকৰ অসুবিধাসমূহ অতি সোনকালে সমাধান কৰিবলৈ অনুৰোধ জনায়। সন্থাৰ সভাপতি ৰমনী ৰাজবংশী আৰু উপ সভাপতি ধনেশ্বৰ তালুকদাৰে জনোৱা মতে সন্থাৰ মূল দাৱী সমূহ হ'ল কলেজ কৰ্মচাৰী সকলক সপ্তম  দৰমহা আয়োগৰ নিৰ্দেশ অনুযায়ী এমএছিপিএছ ৰ সুবিধা প্ৰদান,বহু বছৰ ধৰি মহাবিদ্যালয় সমূহত খালী হৈ থকা তৃতীয় আৰু চতুর্থ শ্ৰেণীৰ পদ সমূহ পূৰণ কৰা, সম্পূর্ণ নীতি-নিয়মৰ মাজেৰে পৰিচালনা সমিতিৰ অনুমোদন ক্ৰমে তৃতীয় আৰু চতুর্থ শ্ৰেণীৰ কৰ্মচাৰী সকলক খালী পদত নিযুক্তি প্ৰদান, পুৰ্বৰ শিক্ষামন্ত্রী আৰু বৰ্তমানৰ শিক্ষামন্ত্রীয়ে চৰকাৰী ফাইল নং এ এইচ ই ৫৯/২০১১ৰ  জৰিয়তে অনুমোদন দিয়া তৃতীয় আৰু চতুর্থ শ্ৰেণীৰ ৩৪৫ টা অতিৰিক্ত পদৰ কাৰ্যকৰীকৰণ কৰা আৰু (চৰকাৰী ফাইল নং এ এইচ ই ২১৪/২০১২ )  ১৯৬৭-৬৮ চনৰে পৰা বৰ্তমানলৈকে চলি থকা নিয়োগ নীতিৰ বিলুপ্তি ঘটাই পূৰ্বৰ শিক্ষামন্ত্রীৰ অনুমোদিত নতুন নিয়োগ নীতি প্ৰস্তাৱিত  প্ৰাদেশীকৃত মহাবিদ্যালয়লৈ অনতি পলমে কাৰ্যকৰীকৰণ কৰা , অসম চৰকাৰৰ উচ্চশিক্ষা বিভাগে প্ৰাদেশীকৃত মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক, কৰ্মচাৰীৰ সাধাৰণ বীমাৰ নামত কৰ্তন কৰা ধন অনতিপলমে আদায় দিয়া আৰু অসম চৰকাৰৰ নিৰ্দেশনা অনুযায়ী প্ৰাদেশীকৃত মহাবিদ্যালয়ৰ কৰ্মচাৰী সকলক চৰকাৰীভাৱে বিভাগীয় প্ৰশিক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ লগতে উচ্চশিক্ষা সঞ্চালকৰ সকলো কাম-কাজ  অনলাইন যোগে কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা। বিবৃতিত অনতিপলমে  দাৱী সমূহ পূৰণ কৰি হেজাৰ হেজাৰ কৰ্মচাৰীৰ দীৰ্ঘদিনীয়াা সমস্যা সমাধান কৰিবলৈ অনুৰোধ জনায়।

প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা