নগাঁৱত "কৌন বনেগা কৌৰপতি"ৰ নামত প্ৰৱঞ্চকৰ জাল≈≈সহজ ধনৰ লোভত সৰ্বস্বান্ত হ’ল এটা পৰিয়াল


নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৪ আগষ্টঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত সময়ে সময়ে দুষ্টচক্ৰই প্ৰৱঞ্চনাৰে ৰাইজক ঠগাই অহাৰ ঘটনা নতুন নহয় ৷ আনকি প্ৰৱঞ্চকৰ কবলত পৰি বহু ব্যক্তি বা পৰিয়ালে মাটি-বাৰি, সা-সম্পত্তি হেৰুৱালগীয়াও হৈছে ৷ তথাপিও সচেতন নহয় ৰাইজ ৷ ফলত সহজেই ধৰা দিয়ে প্ৰৱঞ্চকৰ জালত ৷ শেহতীয়াভাবে এনে এক ঘটনাই সংঘটিত হৈছে নগাঁও জিলাৰ ধিঙৰ বেছামাৰীত । একেদিনাই বহু লাখ টকাৰ গৰাকী হবলৈ গৈ সৰ্বস্বান্ত হ’বলগীয়াত পৰে অঞ্চলটোৰ এটা দৰিদ্ৰ পৰিয়ালে । আচলতে "কৌন বনেগা কৌৰপতি"ৰ নামত এক দুষ্টচক্ৰই পেলোৱা প্ৰৱঞ্চনাৰ জালত ভৰি দি এতিয়া দিক বিদিক হেৰুৱাই পেলাইছে এই দৰিদ্ৰ পৰিয়ালটোৱে । জানিব পৰা মতে, প্ৰথমে প্ৰৱঞ্চকৰ প্ৰশ্নোত্তৰ, তাৰ পাছত লটাৰী জৰিয়তে ২৫ লাখ টকাৰ টোপ দিয়াৰ লগতে পৰৱৰ্তী পৰ্যায়ত ক্ৰমান্বয়ে আৰম্ভ হয় টকা বিছাৰি একাধিক ফোন । কোটিপতি হোৱাৰ লোভত টকা ধাৰলৈ আনি পৰ্যায়ক্ৰমে টকা দি দি এতিয়া সৰ্বস্বান্ত হৈ নাজল-নাথল অৱস্থা পৰিয়ালটোৰ । উল্লেখ্য, বেছামাৰীৰ ছফিকুল ইছলামৰ পত্নী চেমিনাছ পাৰবিনে প্ৰথমে কে বি চিত আৰম্ভ কৰিছিল প্ৰশ্ন উত্তৰৰ খেলা আৰু তাৰ কেইদিনমানৰ পিছতে মহিলাগৰাকীলৈ আহে কে বি চিৰ ফোন ৷ ফোনত লটাৰীৰ জৰিয়তে চেমিনাছে ২৫ লাখ টকা লাভ কৰা বুলি জানিব দিয়ে । টকা পোৱাৰ আনন্দত আত্মহাৰা হৈ পৰে চেমিনাছৰ দৰিদ্ৰ পৰিয়ালটো । কিন্তু তাৰ পিছৰ পৰাই প্ৰয়োজনীয় নঠি-পত্ৰ বনোৱাৰ বাবে কে বি চিৰ পৰা আহে ধাৰাবাহিক ফোন । প্ৰতিবাৰেই নঠি-পত্ৰ বনোৱাৰ নামত দাবী কৰে বিভিন্ন ৰাশিৰ ধন । সহজ-সৰল পৰিয়ালটোয়ে লোভত পৰি ধাৰ-ঋণ কৰি হলেও জমা দিছিল বিছৰা ধন । পিছে এনেদৰে মুঠ ৮৫ হাজাৰ টকা জমা দিলে যদিও পৰিয়ালটোৱে আজিও লাভ নকৰিলে কে বি চিৰ লটাৰীৰ ২৫ লাখ টকা । কাজেই, বহুজনৰ পৰা টকা ধাৰলৈ আনি আনি এতিয়া কিংকৰ্তব্য বিমূঢ়ত পৰিছে দুখীয়া পৰিয়ালটো । কোনো উপাৰ্জনৰ বিকল্প পথ নথকা পৰিয়ালটোৱে কেনেকৈ পৰিশোধ কৰিব ঋণৰ ধন । যাৰ ফলত সহজ ধনৰ লোভত প্ৰৱঞ্চকৰ জালত পৰি এতিয়া সৰ্বস্বান্ত হোৱা পৰিয়ালটোয়ে উপায়হীন হৈ গভীৰ দুশ্চিন্তাত সময় পাৰ কৰিবলগীয়াত পৰিছে ৷
====================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা