চকলাঘাটত শ্বহীদ দেহীৰাম বৰাৰ নামত পথ উচৰ্গা

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৩ আগষ্টঃ দেশমাতৃৰ হকে প্ৰাণ আহুতি দি অকালতে মৃত্যুবৰণ কৰা বীৰ শ্বহীদ জোৱানসকলৰ স্মৃতি চিৰ যুগমীয়া কৰি ৰখাৰ অৰ্থে কেন্দ্ৰীয় চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহন কৰিছে ৷ ঘাইকৈ সমাগত দেশৰ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত এই শ্বহীদ জোৱানসকলৰ ওপজাভূমিৰ অনুষ্ঠান-প্ৰতিষ্ঠান সেইসকল বীৰ জোৱানৰ নামত উচৰ্গা কৰি তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান প্ৰদানৰ প্ৰচেষ্টা হাতত লৈছে চৰকাৰে ৷ ইয়াৰ অংশহিচাপে শুকুৰবাৰে নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত চকলাঘাটৰ গজপুৰীয়াৰ শ্বহীদ বীৰ জোৱান দেহীৰাম বৰাৰ নামত এটি পথ উচৰ্গা কৰা হয় ৷ শ্বহীদজনাৰ জন্মভূমিৰ চকলাঘাটৰ ব্ৰাহ্মনগাঁও চাৰিআলিৰ পৰা গজপুৰীয়া হৈ বৰ হাতীচোং সংযোগী গড়কাপ্তানি পথটো শ্বহীদজনাৰ নামেৰে নামাংকিত কৰা হয় ৷ এই মৰ্মে নিজ হাতীচোং গাঁও পঞ্চায়তৰ ব্যৱস্থাপনাত আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত পথটি শ্বহীদ দেহীৰাম বৰাৰ নামত আনুষ্ঠানিকভাবে উচৰ্গা কৰা হয় ৷ অনুষ্ঠানত চি আৰ পি এফৰ ৩৪ নং বেটেলিয়নৰ কমাণ্ডেন্ট শিৱ শংকৰ উপাধ্যায়, ডেপুটি কমাণ্ডেন্ট নবীন চতুৰ্বেদী, দলংঘাট উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া মনিতা দাস ৰহাং, নিজ হাতীচোং গাঁও পঞ্চায়তৰ সভাপতি অভিজিৎ মেধী, শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্য, বিশিষ্ট অভিনেতা-পৰিচালক নেত্ৰ কমল বৰঠাকুৰ, সমাজকৰ্মী প্ৰবীন শৰ্মাকে প্ৰমুখ্য কৰি অঞ্চলৰ বহুকেইজন গন্যমান্য ব্যক্তি আৰু ৰাইজ উপস্থিত থাকে ৷ অনুষ্ঠানৰ প্ৰাৰম্ভনিতে শ্বহীদজনাৰ পত্নী দীপালী বৰাই স্বামীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰাৰ পিছতে উপস্থিত বিশিষ্ট ব্যক্তিসকলে পুষ্পাঞ্জলি অৰ্পন কৰে ৷ স্মৰ্তব্য যে, চকলাঘাটৰ গজপুৰীয়া নিবাসী দেহীৰাম বৰা চি আৰ পি এফৰ ১৮ নং বেটেলিয়নৰ লেন্স নায়ক হিচাপে কৰ্মৰত হৈ থকা অৱস্থাত ১৯৯৩ চনৰ ২৬ ডিচেম্বৰত জম্মু কাশ্মীৰৰ শ্ৰীনগৰত উগ্ৰপন্থীৰে হোৱা সংঘৰ্ষত শ্বহীদ হৈছিল ৷ 
====================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা