শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰশংসনীয় পদক্ষেপ≈≈সমবায় বেংকৰ জৰিয়তে সংঘৰ সকলো সংগীকে স্বাৱলম্বী কৰাৰ প্ৰয়াস

# শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰশংসনীয় পদক্ষেপ≈≈সমবায় বেংকৰ জৰিয়তে সংঘৰ সকলো সংগীকে স্বাৱলম্বী কৰাৰ প্ৰয়াস#

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১১ আগষ্টঃ উত্তৰ-পূৱ ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘই সময়ে সময়ে বিভিন্ন অভিলাষী আঁচনি গ্ৰহন কৰি আহিছে ৷ এই আঁচনিবোৰৰ অন্যতম হৈছে ৰাজ্যজুৰি প্ৰতিষ্ঠা কৰা "শ্ৰীমন্ত শংকৰদেৱ সমবায় বেংক" ৷ স্মৰ্তব্য যে, এই অভিলাষী আঁচনিৰ সফল ৰূপায়ণৰ অৰ্থে সংঘই ২০১৫ চনৰ ১১ ফেব্ৰুৱাৰীত প্ৰথম পৰ্যায়ত অসম সমবায় সমিতিসমূহৰ পঞ্জীয়ন কাৰ্যালয়ত "শ্ৰীমন্ত শংকৰদেৱ সংঘ থ্ৰিফট এণ্ড ক্ৰেডিট কোঃ অপাৰেটিভ ছ’চাইটি লিমিটেড" নামেৰে অসম/০৩/২০১৪-১৫ নম্বৰত পঞ্জীয়ন কৰে ৷ আচলতে, এই ছ’চাইটিখনৰ উদ্দেশ্য আৰু লক্ষ্য হৈছে সংঘৰ সকলো সংগীকে সঞ্চয়ৰ অভ্যাস গঢ়ি তোলা, সেৱক-সেৱিকাসকলক কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰা আৰু ঋণদান আঁচনিৰ জৰিয়তে প্ৰয়োজন অনুযায়ী বিভিন্ন শিতানত ঋণ প্ৰদান কৰি আৰ্থিকভাবে স্বাৱলম্বন কৰা ৷ তদনুযায়ী ছ’চাইটিৰ নগাঁওস্থিত প্ৰধান কাৰ্যালয়ৰ লগতে সমগ্ৰ অসমতে বৰ্তমানলৈকে কলিয়াবৰ, নগাঁও, পলাশবাৰী, মঙলদৈ, শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড়, মৰাণ, ডিমৌ, তেজপুৰ, গোলাঘাট, মৰিগাঁও, ঢকুৱাখনা, লখিমপুৰ, ৰঙিয়া, নলবাৰী, গুৱাহাটী, বিহপুৰীয়া, নাৰায়ণপুৰ, নাজিৰা, ডিব্ৰুগড় সদৰ, জোনাই, বকো আৰু ধেমাজীকে লৈ মুঠ ২৪ টা শাখা কাৰ্যালয় মুকলি কৰি সৰ্বমুঠ ষোল্ল কোটি চৌৱাল্লিশ লাখ ওঠৰ হাজাৰ দুশ একৈশ টকাৰ বিত্তীয় লেনদেন কৰি থকা হৈছে ৷ জানিব পৰা মতে, সংঘৰ পদাধিকাৰ আৰু প্ৰধান সম্পাদকক উপদেষ্টা, এজন অধ্যক্ষ, এজন উপাধ্যক্ষ আৰু তেৰজন সঞ্চালকৰে গঠিত এখন সঞ্চালক মণ্ডলী এই ছ’চাইটিখন সঞ্চালনা কৰে ৷ ইতিমধ্যে, ছ’চাইটিৰ সঞ্চালক মণ্ডলীৰ সৱল নেতৃত্বত এতিয়ালৈকে ৭৪০ জন ক্ষুদ্ৰ ব্যৱসায়ীৰ লগতে চিকিৎসা, শিক্ষা আদি বিভিন্ন শিতানত তথা ৩২ টা আইমাতৃ কল্যাণ গোটক অসমৰ আপুৰুগীয়া সম্পদ এড়ি, মূগা আৰু পাটৰ বস্ত্ৰ উৎপাদনত মুঠ আঠ কোটি চল্লিশ লাখ নিৰানব্বৈ হাজাৰ চাৰিশ সাতচল্লিশ টকাৰ ঋণ প্ৰদান কৰিছে ৷ তদুপৰি ছ’চাইটিখনে প্ৰধান কাৰ্যালয়কে প্ৰমুখ্য কৰি শাখা কাৰ্যালয়সমূহত ৫৩ জন কৰ্মচাৰী আৰু ৩৪৪ জন সংগ্ৰাহক নিয়োগ কৰি নিবনুৱা সমস্যাও সমাধান কৰিছে । এই ছ’চাইটিখনৰ হিচাপ বছৰি ১ এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈকে আভ্যন্তৰীণ হিচাপ পৰীক্ষা, সমবায় বিভাগৰ হিচাপ পৰীক্ষা আৰু চাৰ্টাৰ্ড একাউন্টেটৰ দ্বাৰা হিচাপ পৰীক্ষা তিনি ধৰণৰ হিচাপ পৰীক্ষকে পৰীক্ষা কৰে। ইফালে, অসম চৰকাৰৰ সমবায় বিভাগে ৰাজ্যিক ভিত্তিত সমবায় সমিতিসমূহৰ ব্যৱসায়িক পাৰদৰ্শিতা আৰু সমিতিখনৰ সামগ্ৰিক কাৰ্যব্যৱস্থাৰ শ্ৰেষ্ঠতাৰ ওপৰত ভিত্তি কৰি ২০১৮-১৯ বৰ্ষত সমবায় সমিতিসমূহৰ মাজত যি প্ৰতিযোগিতাৰ আয়োজন কৰিছিল সেই প্ৰতিযোগিতাত উক্ত ছ’চাইটিয়ে অংশগ্ৰহণ কৰি দ্বিতীয় শ্ৰেষ্ঠ সমবায় সমিতি হিচাপে স্থান লাভ কৰি ২০১৯ চনৰ ২৬ এপ্ৰিলত অসম চৰকাৰৰ তৰফৰ পৰা দুই লাখ পয়সত্তৰ হাজাৰ টকাৰ আৰ্থিক পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। গৌৰৱৰ বিষয় যে ছ’চাইটিখনে ইতিমধ্যে ৬ টা বছৰ অতিক্ৰম কৰি সৰ্বমুঠ ছাব্বিশ লাখ উনচল্লিছ হাজাৰ আঠশ উনসত্তৰ টকা লাভ কৰিবলৈ সক্ষম হৈছে ৷ বৰ্তমান মমতা বৰকাকতি ভাৰপ্ৰাপ্ত পৰিচালন সঞ্চালকৰ দায়িত্বত থকা ছ’চাইটিখনৰ উপবিধিৰ আধাৰত সকলোকে ইয়াৰ অংশীদাৰ হ’বৰ বাবে অধ্যক্ষ হৰেন্দ্ৰ বৰাই আহ্বান জনাইছে। উল্লেখ্য যে, অসম চৰকাৰৰ আৰোগ্য নিধিলৈ ছ’চাইটিখনে বিগত বৰ্ষৰ ২৭ মাৰ্চত ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছিল ৷
===================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা