আৰ্থিক দীনতাৰ বাবে নলবাৰীৰ বৰভাগত হামৰাও কাঢ়িছে এটি দৰিদ্ৰ পৰিয়ালে

আৰ্থিক দীনতাৰ বাবে নলবাৰীৰ বৰভাগত হামৰাও কাঢ়িছে এটি দৰিদ্ৰ পৰিয়ালে।ইহলোকলৈ গমন কৰা মাতৃৰ পিণ্ডদানৰ বাবেও অসমৰ্থ এটি দৰিদ্ৰ পৰিয়ালৰ খবৰ ল'বলৈ আহৰি নাই জনপ্ৰতিনিধি কিম্বা দল সংগঠনৰ।

বৰভাগৰ ৰাইৎকুছি গাওঁৰ এইজন মুকুট কলিতা।মুকুট কলিতাৰ ঘৰত এতিয়া দুখৰ এখনি বৰ্ণনাতীত ছবি।তিনিদিন পূৰ্বে ঢুকোৱা মাতৃৰ পিণ্ডদান কৰিবলৈয়ো অসমৰ্থ এতিয়া মুকুট কলিতা।মানসিক বিকাৰগ্ৰস্ত এই  দুই ভাতৃক লৈ এতিয়া আলাই-আথানি হ'বলগা হৈছে এইজন দূৰ্ভগীয়া মুকুট কলিতা।সৰুতে পিতৃক হেৰোৱা মাতৃ সহ মুকুট মানসিক বিকাৰগ্ৰস্ত দুই ভাতৃৰ সৈতে মাতৃয়ে মাহেকত পোৱা সামান্য পেঞ্চনৰ টকাৰে কোনোমতে চলি আছিল।কিন্তু তিনিদিন পূৰ্বে মাতৃ প্ৰয়াত হোৱাৰ পিছত এতিয়া চৰম দীনতাৰ মাজেৰে দিন নিয়াব লগা হৈছে মুকুট কলিতাই।আনকি মৃত মাতৃৰ পিণ্ডদানৰ বাবে লাগতিয়াল যা-যোগাৰ কৰাৰ বাবে মুকুট কলিতাই হাত পাতিব লগা হৈছে চুবুৰীয়াৰ ওচৰত।চুবুৰীয়াৰ অনুগ্ৰহতে যেন কোনোমতে চলাইছে ঘৰখন।মানসিকভাৱে বিকাৰগ্ৰস্ত জ্যেষ্ঠ আৰু কণিষ্ঠ ভাতৃক লৈ এতিয়া দুখৰ সীমা নোহোৱা হৈছে মুকুট কলিতাৰ।চৰম পৰিতাপৰ বিষয় যে আৰ্থিক দীনতাই কোঙা কৰি পেলোৱা এইজন মুকুট কলিতাই আজিলৈ পোৱা নাই কোনো চৰকাৰী সাহায্য।দল-সংগঠনৰো পৰিয়ালটোৰো খবৰ ল'বলৈ যেন আহৰি নাই।স্থানীয় ৰাইজে পৰিয়ালটোক সহায় কৰাৰ বাবে স্থানীয় বিধায়ক দিগন্ত বৰ্মনৰ লগতে চৰকাৰকো জনাইছে অনুৰোধ।

নলবাৰী পৰা শংকৰ দাস ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা