বেবেজীয়াত নিচামুক্ত ভাৰত অভিযানৰ অংশহিচাপে বাটৰ নাট প্ৰদৰ্শন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৪ আগষ্টঃ বৰবিহৰূপী ড্ৰাগছৰ প্ৰচলনে উঠি অহা নৱ প্ৰজন্মৰ জীৱনলৈ ঘোৰ অমানিশা নমাই আনিছে। সেয়ে আমাৰ সমাজৰ পৰা এই বৰবিহ সমুলঞ্চে নোহোৱা কৰি এখন নিচামুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ সমাজ কল্যাণ বিভাগে 'নিচামুক্ত ভাৰত অভিযান' শীৰ্ষক এক কাৰ্যসূচী গ্ৰহন কৰিছে ৷ ইয়াৰ অংশহিচাপে শনিবাৰে নগাঁও জিলাৰ বেবেজীয়া চাৰিআলিত জিলা সমাজ কল্যাণ বিভাগৰ খাগৰিজান সংহত শিশু উন্নয়ণ প্ৰকল্পৰ ব্যৱস্থাপনাত বাটৰ নাট প্ৰদৰ্শন কৰা হয় ৷ খাগৰিজান সংহত শিশু উন্নয়ণ প্ৰকল্পৰ মুখ্য সেৱিকা জোনটি হাজৰিকাৰ কাহিনী আৰু চিত্ৰনাট্যৰে প্ৰদৰ্শিত এই বাটৰ নাটখনিৰ দ্বাৰা ড্ৰাগছে কিদৰে নৱ প্ৰজন্মক মৃত্যুৰ কৰাল গ্ৰাসলৈ ঠেলি পঠিওৱাৰ লগতে এখন ঘৰ ধ্বংস কৰি পেলাই তাক তুলি ধৰাৰ বিপৰীতে সুস্থ সমাজ গঢ়ি তোলাৰ স্বাৰ্থত ড্ৰাগছৰ বিৰুদ্ধে সকলোকে মাৰবান্ধি ঠিয় হ’বলৈ আহ্বান জনোৱা হৈছে ৷ মনোগ্ৰাহীৰূপত প্ৰদৰ্শিত নাটখনিত খাগৰিজান সংহত শিশু উন্নয়ণ প্ৰকল্পৰ বেবেজীয়া চাৰ্কোলৰ অংগনবাড়ী কৰ্মী নিপামনি শৰ্মা, বন্দনা বৰদলৈ, ৰঞ্জু কাকতি বৰা, জুনু দাস, নিজু বৰা ডেকা, গীতাঞ্জলী বৰদলৈৰ লগতে শিশু শিল্পীদ্বয় দশম কান্ত শাণ্ডিল্য আৰু ৰাহুল বৰদলৈয়ে সুন্দৰ অভিনয়েৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ৷ উক্ত অনুষ্ঠানত জিলা অতিৰিক্ত উপায়ুক্ত দেৱাহুতি বৰা, জিলা সমাজ কল্যাণ বিষয়া ৰুবী কলিতা, খাগৰিজান সংহত শিশু উন্নয়ণ প্ৰকল্পৰ মুখ্য সেৱিকা জোনটি হাজৰিকাকে প্ৰমুখ্য কৰি বেবেজীয়া চাৰ্কোলৰ অংগনবাড়ী কেন্দ্ৰসমূহৰ সহায়িকা আৰু কৰ্মীসকল উপস্থিত থাকে ৷
======-=============

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা