নলবাৰীৰ দুখনকৈ সত্ৰত চকু নপৰিল ৰাজ্য চৰকাৰৰ

*পুৰতত্ব বিভাগে গবেষণা কৰিছে মহাপুৰুষ শংকৰদেৱে ব্যৱহাৰ কৰা “খুটিকলৈ”*

এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদনঃ

*অসমীয়া জাতীয় সংস্কৃতি তথা জাতীয় জীৱনত এনে এক দিশ নাই য’ত মহাপুৰুষ শংকৰদেৱৰ প্ৰভাৱ নাই

*মহাপুৰুষ শংকৰদেৱৰ ৰচনাৱলীয়ে সাহিত্যৰ বৰঘৰ শুৱনি কৰিছে*

*মহাপুৰুষ শংকৰদেৱে ১২ বছৰ ধৰি তীৰ্থ ভ্ৰমণৰ জৰিয়তে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিল*

*সেই সময়ত নলবাৰী জিলাৰ বৰবিলা আৰু চাৰাবড়ি সত্ৰত আজিৰ পৰা প্ৰায় দুশ বছৰ পুৰ্বে মহাপুৰুষ শংকৰদেৱে উক্ত স্হানত আহি নামাকৰন কৰিছিল সত্ৰ সমুহৰ*

*অকল এয়াই নহয় দুশবছৰ পুৰ্বে বৰবিলা গাৱত মহাপুৰুষ জনায় সেই সময়ত তেওঁৰ বন্ধু মাধৱদেৱৰ লগত একাংশ শিষ্যক লৈ নাওৰে বুঢ়াদিয়া নদীৰে আহি এই বৰবিলা বিলত ভাত খোৱাৰ বাবে তিনিটা খুটি পুটি কিছু সময় জিৰণি লৈছিল৷আৰু সেই  খুটিৰ এটা খুটি আজিও বৰবিলা সত্ৰৰ কানু আটাৰ পৰিয়ালে সংৰক্ষণ কৰি ৰাখিছে*
য’ত মহাপুৰুষ জনাৰ সেই খুটি দৰ্শন কৰিবলৈ মাঘ মাহত বিভিন্ন প্ৰান্তৰ পৰা দৰ্শনাৰ্থী সকলে ভিৰ কৰা দেখা যায়*


*কিন্ত ৰাজ্য চৰকাৰৰ এগৰাকী দায়িত্বশীল মন্ত্ৰী তথা স্হানীয় বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে আজিলৈকে এই সত্ৰ সমুহ সংৰক্ষণৰ কোনো ব্যৱস্থা গ্ৰহন নকৰাত ক্ষোভ প্ৰকাশ কৰে স্হানীয় ৰাইজে*

নলবাৰী পৰা শংকৰ দাস ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা