মটক যুৱ-ছাত্ৰ সন্মিলনৰ মুখপাত্র-সম্পাদক হৰিকান্ত দুৱৰাৰ মৃত্যু

চাবুৱাঃ ২২ আগষ্টঃ কভিডত আক্রান্ত হৈ সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্র-সম্পাদক হৰিকান্ত দুৱৰা ডিব্ৰুগড় এ এম চি কভিড কেয়াৰ চেণ্টাৰত কভিড আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। ৰহমৰীয়া মৌজাৰ চেংধৰা গাঁৱৰ ভৱেন দুৱৰা আৰু দিপন্তী দুৱৰাৰ পুত্ৰ হৰিকান্ত দুৱৰা ১৯৮৪ চনত জন্ম হৈছিল। ডিব্ৰুগড় নন্দলাল বুঢ়াগোহাঁই মহাবিদ্যালয়ৰ পৰা হৰিকান্ত দুৱৰাই স্নাতক ডিগ্রী লাভ কৰি ফুকনৰ খাত শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ত ২০০৮ চনত শিক্ষক হিচাপে যোগদান কৰি সেৱা আগবঢ়ায়। অন্যহাতে উজনি অসমৰ অন্যতম শক্তিশালী জনগোষ্ঠীয় সংগঠন সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ লক্ষ্য-উদ্দেশ্যৰ প্ৰতি আকৃষ্ট হৈ ২০০৪ চনত হৰিকান্ত দুৱৰাই উক্ত সংগঠনত যোগদান কৰে। পৰৱৰ্তী সময়ত সমগ্ৰ ৰহমৰীয়া মটক অধ্যুষিত অঞ্চলত হৰিকান্ত দুৱৰাৰ প্ৰচেষ্টাত মটক সংগঠনটোৰ শাখা সমিতি গঠনৰ প্ৰক্ৰিয়াত আগভাগ লোৱাৰ লগতে ২০০৫ চনত সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ ৰহমৰীয়া আঞ্চলিক সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে হৰিকান্ত দুৱৰা নিৰ্বাচিত হয়। কেইবাটাও বৰ্ষ হৰিকান্ত দুৱৰাই মটক যুৱ-ছাত্ৰ সন্মিলনৰ জিলা তথা কেন্দ্ৰীয় সমিতিত পদবী গ্রহণ কৰি সংগঠনটোৰ লগতে জনগোষ্ঠীটোৰ উত্তৰণৰ স্বাৰ্থত নিঃস্বার্থভাৱে কাম কৰি গৈছিল। হৰিকান্ত দুৱৰাই মটক জনগোষ্ঠীয় সংগঠনটোৰ লগতে ৰহমৰীয়া বান-খহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চ, ফুকনৰ চেংধৰা প্ৰগতি যুৱ সংঘ, চেংধৰা মধুজ্যোতি যুৱক সংঘ, ৰহমৰীয়া ক্ৰীড়া সন্থা, চেংধৰা গাঁওৰক্ষী বাহিনী আদি বিভিন্ন বেচৰকাৰী সামাজিক সংগঠনৰ সৈতে ওতপ্রোতভাৱে জড়িত আছিল। অতি অমায়িক স্বভাৱৰ দুৱৰাৰ মৃত্যুত সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰঞ্জিত গোহাঁই, উপ-সভাপতি অজয় গগৈ, সাধাৰণ সম্পাদক সৌৰভ গোহাঁই, সংগঠনটোৰ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি দিগন্ত বৰুৱা, সাধাৰণ সম্পাদক মুকুন্দ মাধৱ বুঢ়াগোহাঁই, লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক উদয়ন কুমাৰ গগৈ, আটছা ৰহমৰীয়া আৰু ডিকম উপ-শাখাৰ সভাপতি সম্পাদক, চেংধৰা উচ্চ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতি, ফুকনৰ খাত শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয় পৰিচালনা সমিতি আদিৰ সভাপতি সম্পাদক, অসম সংগ্রামী ঐক্য মঞ্চ ডিব্ৰুগড় জিলা সমিতি, লাহোৱাল প্ৰেছ ক্লাবৰ সভাপতি মুক্তামণি হাজৰিকা, সম্পাদক লক্ষীন্দ্ৰ কুৰ্মি, ৰহমৰীয়া গৰাখহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চ, ৰহমৰীয়া মটক যুৱ-ছাত্ৰ সন্মিলন, ডিকম আঞ্চলিক মটক যুৱ-ছাত্র সন্মিলন, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ডিকম আঞ্চলিক সমিতিৰ সভাপতি পংকজ গগৈ, সচিব প্ৰধান গৌৰৱ শইকীয়া, কে এম এছ ফুকনৰ খাত আঞ্চলিক সমিতিকে ধৰি বিভিন্ন জাতীয় জনগোষ্ঠীয় নেতা-কর্মীয়ে শোক প্রকাশ কৰে। দুৱৰাই পিতৃ-মাতৃ, দুই জ্যেষ্ঠ ভাতৃৰ লগতে পত্নীক এৰি গৈছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা