বেবেজীয়াত আগন্তুক দুৰ্গোৎসৱ সন্দৰ্ভত আলোচনা পূজা সমিতিৰ

# বেবেজীয়াত আগন্তুক দুৰ্গোৎসৱ সন্দৰ্ভত আলোচনা পূজা সমিতিৰ#

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৩ আগষ্টঃ কাৰিকৰী চমকৰ বিপৰীতে সম্পূৰ্ণ আধ্যাত্মিক ভাবাদৰ্শৰে বছৰ বছৰ ধৰি অনুষ্ঠিত কৰি অহা মধ্য অসমৰ অন্যতম পুৰণি বেবেজীয়া আঞ্চলিক সাৰ্বজনীন দুৰ্গোৎসৱ সমিতিয়ে এইবাৰ ৭৮ তম্ বৰ্ষত পদাৰ্পণ কৰিছে ৷ সেয়ে আগন্তুক শাৰদীয় দুৰ্গোৎসৱটি উদযাপনৰ সন্দৰ্ভত আলোচনা কৰাৰ অৰ্থে এখনি সভা অনুষ্ঠিত কৰা হয় ৷ এই মৰ্মে বেবেজীয়া পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভা কক্ষত অনুষ্ঠিত হোৱা সভাখনিত সভাপতিত্ব কৰে অঞ্চলৰ বিশিষ্ট ব্যক্তি দেৱ বৰঠাকুৰে ৷ ৰাজীৱ শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত আগন্তুক দুৰ্গোৎসৱ সন্দৰ্ভত বিস্তৃতভাবে আলোচনা কৰাৰ লগতে ক’ভিড সৃষ্ট পৰিস্থিতিৰ বাবে চৰকাৰে যি দৰে উৎসৱটি উদযাপনৰ বাবে নীতি-নিৰ্দ্দেশনা আৰোপ কৰে তাৰ প্ৰতি সহাঁৰি জনাই উৎসৱটি উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহন কৰা হয় ৷ উক্ত সভাতে অজিত শৰ্মাক সভাপতি, মহেন্দ্ৰ শৰ্মা, ৰবিন শৰ্মা আৰু বিৰেণ শৰ্মাক উপ সভাপতি তথা অঞ্জন শৰ্মা বৰুৱা আৰু অমৰ শৰ্মাক যুটীয়া সম্পাদক হিচাপে লৈ এখনি দুৰ্গোৎসৱ উদযাপন সমিতি সৰ্বসন্মতিক্ৰমে গঠন কৰা হয় ৷
===================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা