বটদ্ৰৱা থান সংযোগী পথ শ্বহীদ লীলাকান্ত কলিতাৰ নামত উৎসৰ্গিত

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৩ আগষ্টঃমহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মভূমি বটদ্ৰৱা বৰহিচাৰ বীৰ শ্বহীদ লীলাকান্ত কলিতাৰ নামত বটদ্ৰৱা পুৰনা বাছ আস্থানৰ পৰা বটদ্ৰৱা থানলৈ যোৱা গড়কাপ্তানী পথছোৱা উৎসৰ্গিত কৰা হয়। কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ২৪ নং বেটেলিয়েনৰ হেড কনিষ্টবল লীলাকান্ত কলিতাই ২০১০ চনৰ ৬ এপ্ৰিলত ছট্টিছগড়ত মাওবাদীৰ আক্ৰমণত প্ৰাণ আহুতি দিছিল। শুক্ৰবাৰে নগাওঁ জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়াৰ উদ্যোগত চি আৰ পি এফৰ ৩৪ নং বেটিলিয়নৰ কামাণ্ডেণ্ট শিৱ শংকৰ উপাধ্যায় আৰু ডেপুটি কামাণ্ডেণ্ট ৰাজমুকুট কাৰকাটাৰ উপস্থিতিত বটদ্ৰৱা গড়কাপ্তানী পথ সংমণ্ডলৰ লগতে বটদ্ৰৱা সত্ৰ গাঁও পঞ্চায়তৰ সহযোগত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ দ্বাৰা পথছোৱা শ্বহীদ গৰাকীৰ নামত আনুষ্ঠানিকভাবে নামাংকৰণ কৰা হয় ৷ অনুষ্ঠানৰ আৰম্ভনিতে শ্বহীদ লীলাকান্ত কলিতাৰ মাতৃ ৰেৱতী কলিতাই পুত্ৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজলন কৰাৰ পিছতে উপস্থিত লোক সকলে মাল্যৰ্পন কৰে। সমাজ সংগঠক নিতুমনি গোস্বামীৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাত হৰেন চন্দ্ৰ কলিতাৰ স্ব ৰচিত কবিতাই সকলোকে আৱেগিক কৰি তোলে।
====================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা