গাে-সুৰক্ষা বিধেয়কক আদৰণি ৰাজ্যিক বিজেপিৰ

গুৱাহাটী, ১৩ আগষ্ট : মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াৰ বলিষ্ঠ পদক্ষেপত আজি বিধানসভা গৃহীত হােৱা গাে-সুৰক্ষা বিধেয়কক বিজেপি অসম প্ৰদেশৰ মাননীয় সভাপতি ভৱেশ কলিতা
ডাঙৰীয়াই আদৰণি জনাইছে। এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত বক্তব্য ৰাখি ৰাজ্যিক বিজেপিৰ সভাপতি শ্রীকলিতাদেৱেকয় যে হিন্দুসভ্যতা-সংস্কৃতিত গাে-মাতাক উচ্চ স্থান দিয়া হয়, গাে-মাতাক সুৰক্ষিত কৰাৰ বাবে বহু বছৰ পূর্বেই বৰ্তমানৰ দৰে “গােসুৰক্ষা বিধেয়ক” গৃহীত হ'ব লাগিছিল যদিও সেইয়া সম্ভৱ হােৱা নাছিল। মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াই বলিষ্ঠ পদক্ষেপ গ্রহণ কৰি আজি পবিত্র বিধানসভাৰ
মজিয়াত গাে মাতাক সুৰক্ষা প্রদানৰ বাবে যিধৰণৰ ভূমিকা পালন কৰিলে তাৰ বাবে মুখ্যমন্ত্রী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। এই বিধেয়কৰদ্বাৰা হিন্দু বসতিপূর্ণ এলেকাত গাে বধ নিষেধ হােৱাৰ ফলত নিশ্চিভাৱে হিন্দু
ধৰ্মাৱলম্বী জনসাধাৰণ আনন্দিত হােৱাই নহয় বিধেয়কখনে হিন্দু-মুছলমানৰ মাজত এক সম্প্রীতিৰ ভাৱ জগাই তুলিবলৈ সক্ষম হ'ব বুলি সভাপতি মহােদয়ে মন্তব্য প্রদান কৰে। লগতে ভৱেশ কলিতা ডাঙৰীয়াই বিধানসভাৰ
মজিয়াত বিধেয়কখনৰ প্রতি সমর্থন জনােৱা সকলাে বিধায়কৰ লগতে বিধানসভাৰ অধ্যক্ষক ধন্যবাদ জ্ঞাপন কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা