বঙাইগাঁও জিলাত হ্ৰাস পাইছে ক'ৰোনাৰ সংক্ৰমণ

আজি নতুনকৈ আক্ৰান্ত হোৱা নাই এজনো ব্যক্তি 

বঙাইগাঁওঃ ৩০ আগষ্টঃ  বঙাইগাঁও জিলাত হ্ৰাস পাইছে ক'ৰোনাৰ সংক্ৰমণ ৷ বঙাইগাঁও জিলাবাসীৰ বাবে ভাল খবৰ যে সোমবাৰে জিলাখনত নতুনকৈ  ধৰা পৰা নাই এজনো ক'ভিডত আক্ৰান্ত ব্যক্তি ৷ ইয়াৰ বিপৰীতে সুস্থ হৈ উঠিছে ৫ জনকৈ ৰোগী ৷ বৰ্তমান জিলাখনত ক'ভিডত আক্ৰান্ত সক্ৰিয় ৰোগী আছে ১১ জন ৷ ইয়াৰ ভিতৰত ৪ জন বঙাইগাঁও অসামৰিক চিকিৎসালয়ত, ৪ জন ল'ৱাৰ আসাম হাস্পতালত আৰু ৩ জন হোম কোৱাৰেণ্টাইনত আছে ৷ জিলাখনত সোমবাৰে মুঠ ৩,৫৬৮ জন ব্যক্তিক ক'ভিড টেষ্ট কৰা হয় ৷ ইপিনে জিলাখনত ১ মাৰ্চৰ পৰা ৩০ আগষ্টলৈকে মুঠ ক'ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা হ'ল ৫,০৩৪ জন ৷ আনহাতে জিলাখনত  সোমবাৰৰ দিনটোত ক'ভিড প'জিটিভিটিৰ হাৰ আছিল ০.০০  শতাংশ ৷ সেয়ে সকলোৱে ক'ভিড বিধি মানি চলি সাৱধানতা অৱলম্বন কৰিলে নিশ্চয় অতি সোনকালে ক'ভিড মুক্ত হ'ব বঙাইগাঁও জিলা ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা