প্ৰেছ ক্লাৱ, বেবেজীয়াৰ প্ৰতিষ্ঠা দিৱস উদ্‌যাপন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৮ আগষ্টঃ নগাঁও জিলাৰ প্ৰেছ ক্লাৱ, বেবেজীয়াৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱসটি শনিবাৰে ক’ভিড বিধি ৰক্ষা কৰি দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয় ৷ বেবেজীয়া চাৰিআলিৰ স্থায়ী কাৰ্যালয়ৰ মুৰুলী শৰ্মা ভৱনত পুৱাৰ ভাগত ক্লাৱৰ সভাপতি সমীৰ হাজৰিকাৰ দ্বাৰা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ পাতনি মেলাৰ পিছতে স্মৃতি তৰ্পণ কৰে শিক্ষয়িত্ৰী নীলিমা দেৱীয়ে ৷ দুপৰীয়া প্ৰেছ ক্লাৱৰ সম্পাদক প্ৰাঞ্জল বৰদলৈৰ পৰিচালনাত অনুষ্ঠিত হোৱা অন্তৰংগ অনুষ্ঠানত প্ৰবক্তা অভিজিত শৰ্মাই অভ্যাগত সকলক আদৰণি জনায় ৷ বিশিষ্ট শাৰীৰিক নিৰ্দেশক প্ৰভাত চন্দ্ৰ বৰাই শুভাৰম্ভ কৰা ব্যতিক্ৰমী এই অনুষ্ঠানটিত প্ৰবীণ অনাতাঁৰ শিল্পী গম্ভীৰ নাথ, ঘাঁহী আঞ্চলিক শাখা সাহিত্য সভাৰ সম্পাদক ৰেৱ কান্ত দাস, গায়ক কোকিল হাজৰিকা, কৃতী শিক্ষক নৃপেন চন্দ্ৰ ডেকা, বোলছবি পৰিচালক-প্ৰযোজক বুন বৰা, কুইজ পৰিচালক চন্দ্ৰজিৎ দাস, সমাজকৰ্মী দুৰ্গেশ্বৰ বৰদলৈ, ধ্ৰুৱ বৰদলৈ, কবি কমলা ডেকা উপস্থিত থাকি গীত-মাতৰ সুমধুৰ পৰিৱেশ ৰচনাৰে অনুষ্ঠানটি মুখৰিত কৰি তোলে ৷ প্ৰেছ ক্লাৱৰ উপ-সভাপতি কল্যাণ কুমাৰ বৰাই অনুষ্ঠানত উপস্থিত থকা অভ্যাগতসকলক শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানটিত সহকাৰী সম্পাদক মৃগেন কুমাৰ নাথ, গকুল ভাৰতী, বিতুল কাকতি, সোনমণি নাথকে ধৰি প্ৰায় ডেৰ কুৰি লোকে অংশগ্ৰহণ কৰি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱসটি সফল কৰি তোলে ৷
====================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা