জালুকবাৰীৰ ৰাজীৱ ভৱনত স্বাধীনতা দিৱস উদযাপন।

পঙ্কজ নাথ, চাংসাৰি, ১৫ আগষ্ট :

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসটি দেশৰ বিভিন্ন প্ৰান্তৰ লগতে কামৰূপ জিলাৰ আমিনগাঁওস্থিত জালুকবাৰী সমষ্টিৰ ৰাজীৱ ভৱনতো অনুষ্টুপীয়াকৈ পালন কৰা হয়৷

জালুকবাৰী সমষ্টিৰ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত অনুষ্ঠিত কৰা স্বাধীনতা দিৱসৰ কাৰ্যসুচীত পতাকা উত্তোলন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক তথা কামৰূপ জিলা কংগ্ৰেছৰ কাৰ্য্যকৰী সভাপতি জিয়াউৰ ৰহমান চহৰীয়াই।

 স্বাধীনতা দিৱস উপলক্ষে এই কাৰ্যসূচীত উপস্থিত থাকে গুৱাহাটী জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি সপন কুমাৰ দাস,অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদস্য বাপুকন আলী,পলাশ লোচন বৰা,বিউটী ৰাজবংশী, কামৰূপ জিলাৰ বিভিন্ন ব্লক কংগ্ৰেছ সভাপতি ৰমজান আলী,বিজিত ৰাজ মেধি,ৰশ্মিদাসৰ লগতে জালুকবাৰী সমষ্টিৰ কংগ্ৰেছ দলৰ নেতা কৰ্মী সকল ।
পংকজ নাথৰ ৰিপৰ্ট ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা