শালমাৰাবড়িত চাৰি বছৰীয়া শিশুৰ সলিল সমাধি

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৯ আগষ্টঃ নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তবৰ্তী টুকটুকীৰ সমীপস্থ আহোম গাঁও আৰক্ষী পহৰা চকীৰ এলেকাধীন শালমাৰাবড়িত বৃহস্পতিবাৰে দুপৰীয়া পুখুৰীত পৰি এটি দেৱ শিশুৰ সলিল সমাধি ঘটা ঘটনাই স্থানীয় অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ মৃত শিশুটি শালমাৰাবড়িৰ আব্দুল ফাত্তাহৰ চাৰি বছৰীয়া পুত্ৰ মেহেদি আলম বুলি জানিব পৰা গৈছে ৷ আচলতে, কনমানী শিশুটিয়ে নিজৰ ঘৰৰ পিছফালে উমলি থাকোতে ওচৰতে থকা এটা পুখুৰীৰ পানীত পৰি যায় ৷ ফলত শিশুটিয়ে কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হয় ৷ পিছত উমলি থকা শিশুটিক নেদেখি হুৱাদুৱা লাগে আৰু শিশুটিৰ পৰিয়ালৰ লোকে ওচৰ-চুবুৰীয়াৰ সৈতে মিলি কেউফালে বিচাৰ-খুচাৰ কৰাৰ বহু সময়ৰ পিছত পুখুৰীৰ পানীত শিশুটিৰ নিঠৰ দেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।শিশুটিৰ এনে আকস্মিক অকাল মৃত্যুত অঞ্চলজুৰি শোকাকুল পৰিবেশৰ সৃষ্টি হয় ৷
===================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা